ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰ্যালয়ৰ অ’ এ এল পিৰ অধীনত নৱম পৰ্যায়ৰ নিলাম প্ৰক্ৰিয়াত ১ লাখ ৩৬ হাজাৰ বৰ্গকিলোমিটাৰতকৈ অধিক অঞ্চলত ২৮টা ব্লক আৱণ্টন

পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰ্যালয়ে অ’পেন এক্‌জে লাইচেন্সিং পলিচী চমুকৈ অ’ এ এল পিৰ অধীনত নৱম পৰ্যায়ৰ নিলাম প্ৰক্ৰিয়াত ১ লাখ ৩৬ হাজাৰ বৰ্গকিলোমিটাৰতকৈ অধিক অঞ্চলত ২৮টা ব্লক আবণ্টন কৰিছে। বিষয়টোৰ তাৎপৰ্য সম্পর্কে ব্যাখ্যা কৰি পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে মন্তব্য কৰিছে যে, ইয়াৰ দ্বাৰা ভাৰতৰ অব্যৱহৃত শক্তি ক্ষমতাৰ আহৰণ তথা আমদানি নিৰ্ভৰশীলতা হ্ৰাস কৰাত সহায় হ’ব। শক্তিখণ্ডত ইয়াৰ দ্বাৰা সুদূৰপ্ৰসাৰী প্রভাৱ পৰিব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। লগতে অলপতে গৃহীত আউটফিল্ড নিয়ামক আৰু উন্নয়ন সংশোধনী আইনৰ বিষয়ে মন্ত্ৰীগৰাকীয়ে কয় যে আইনখনৰ সঠিক কাৰ্যকৰীকৰণৰ বাবে ৰাজহুৱা মঞ্চবোৰত ইয়াৰ নীতি-নিয়মসমূহ ইতিমধ্যে প্ৰকাশ কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে শক্তি খণ্ডত বিদেশী বিনিয়োগকাৰীৰ সৈতে যৌথ উদ্যোগ আৰু কাৰিকৰী সহযোগিতাৰ ক্ষেত্ৰতো ইতিবাচক পদক্ষেপৰ আশা কৰে।