ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ পালন কৰাৰ উদ্দেশ্যে আখৰা পূৰ্ণ গতিত চলি আছে। সন্ধিয়া বিভিন্ন অঞ্চলত স্থানীয় বয়োজ্যেষ্ঠ, যুৱক-যুৱতীসকলে ৰাসৰ আখৰা চলাই আছে। মাজুলীৰ বিভিন্ন স্থানত অহা ৪ নৱেম্বৰৰ পৰা ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। আউনীআটি সত্ৰত অহা ৬ নৱেম্বৰত ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। জিলাখনৰ সত্ৰসমূহৰ লগতে বিভিন্ন স্থানত এইবাৰ মুঠ ৬৫ খন ৰাস অনুষ্ঠিত হ’ব। বহুকেইটা মঞ্চত শিশু ৰাস, মিছিং ভাষাৰ ৰাস, মহিলা শিল্পীৰ দ্বাৰা ৰাস পৰিবেশন কৰা হ’ব। যোৰহাট জিলাৰ ঢেকিয়াজুলি, বামুনপুখুৰী, শিৱসাগৰ জিলাৰ হাফলুটিং, খনামুখ আদি অঞ্চলত ৰাসৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈ উঠিছে। নলবাৰী হৰিমন্দিৰ, পাঠশালা, বজালী, টিহু, পাটাছাৰকুছি, শুৱালকুছি, মির্জা, পলাশবাৰী, গুৱাহাটীৰ জাপৰিগোগ, নবীন নগৰ আদি অঞ্চলত ৰাস মহোৎসৱ পালন কৰাৰ বাবে প্ৰস্তুতি চলিছে। নগাঁও জিলাৰ বিভিন্ন স্থানতো ৰাস মহোৎসৱৰ আযোজন কৰা হৈছে। জিলাখনৰ পুৰণিগুদাম, দক্ষিণপার্ট আদি অঞ্চলত ৰাসৰ আযোজন কৰা হৈছে। ফুলগুৰি ৰাস মহোৎসৱৰ এইবাৰ সোণালী জয়ন্তী বর্ষ উপলক্ষে বর্ণাঢ্য কাৰ্যসূচীৰে ৰাসৰ আয়োজন কৰা হৈছে। লখিমপুৰ, ধেমাজী জিলাৰ বিভিন্ন স্থানতো ৰাস উৎসৱৰ প্ৰস্তুতি পূৰ্ণ গতিত চলি আছে।
Site Admin | October 29, 2025 8:28 PM | assam rash mahotsav
পূৰ্ণ গতিত চলি আছে শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ আখৰা