ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

পূব লেবাননত ড্ৰ’ন আক্ৰমণত ৬ জন লোক নিহত

পূব লেবাননৰ বালবেক চহৰৰ এটা ঘৰত ইজৰাইলৰ ড্ৰ’ন আক্ৰমণত কালি ৬ জন লোক নিহত হোৱা বুলি জানিব পৰা গৈছে। লেবাননৰ চৰকাৰী সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে, মধ্য বালবেকৰ নবি ইনাম এলেকাত থকা ঘৰটোত ইজৰাইলী ড্র’নে আক্ৰমণ কৰে। ইফালে, হিজবুল্লাহে কৈছে যে খালেট ৱাৰ্ডেহ অঞ্চলত থকা ইজৰাইলৰ সেনা বাহিনীৰ ঘাটিক লক্ষ্য কৰি হিজবুল্লাহে ৰকেট চালভো নিক্ষেপ কৰিছে। ২৩ ছেপ্টেম্বৰৰ পৰা ইজৰাইলী সেনাই লেবাননত বিমান আক্রমণ অব্যাহত ৰাখিছে।