ছিদনীত অনুষ্ঠিত পুৰুষৰ অষ্ট্ৰেলিয়ান অপেন ২০২৫ ছিংগলছ বেডমিন্টন প্রতিযোগিতাত ভাৰতৰ তাৰকা খেলুৱৈ লক্ষ্য সেনে খিতাপ দখল কৰিছে। এইটো তেওঁৰ বছৰটোৰ প্ৰথমটো খিতাপ হিচাপে পৰিগণিত হৈছে। আজি অনুষ্ঠিত প্রতিযোগিতাৰ চূড়ান্ত খেলখনত ভাৰতৰ খেলুৱৈগৰাকীয়ে জাপানৰ যুশ্বি তানাকাক ২১-১৫, ২১-১১ৰ পোনপটীয়া ছেটত পৰাস্ত কৰে।
উল্লেখযোগ্য যে ২০২১ বৰ্ষৰ বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক দখল কৰা লক্ষ্য সেনে বিগত বর্ষত লক্ষ্ণৌত অনুষ্ঠিত ছুপাৰ ৩০০ প্রতিযোগিতাৰ খিতাপ দখল কৰিছিল।