মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনবদ্য অৱদান আৰু সৃষ্টি সম্ভাৰক বিশ্বজনীন কৰাৰ প্ৰয়াসেৰে কালিৰে পৰা ওড়িশাৰ পুৰীত অনুষ্ঠিত পুৰী মহোৎসৱৰ আজি সামৰণি পৰিছে। দুদিনীয়া এই মহোৎসৱত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ দৰ্শন, মতবাদ আৰু কৃষ্টি-সংস্কৃতিক বিশ্বৰ মাজলৈ লৈ যোৱাৰ প্ৰয়াস কৰা হয়। আজি অনুষ্ঠিত পালনামত অসমৰ কেইবাটাও দলে অংশগ্ৰহণ কৰে। কালি পুৰীৰ শ্ৰীমন্ত শংকৰদেৱ নামঘৰ প্ৰাংগণত বৰপেটা সত্ৰৰ চম্পক দাসৰ জাগৰণৰ গীত পৰিৱেশনেৰে মহোৎসৱ শুভাৰম্ভ কৰা হয়। পুৱাৰ প্ৰসংগ সংগীত- নাটক একাডেমী বঁটাপ্রাপক ৰাজ্যৰ বিশিষ্ট সত্ৰীয়া শিল্পী গুণীন্দ্র নাথ ওজাই পৰিচালনা কৰে। ইয়াৰ পাছতে বর্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ নিৰ্মল অধিকাৰীয়ে মুকলি কৰে। ঔতলা সত্ৰৰ সত্ৰাধিকাৰ বাবুল চন্দ্ৰ ডেকাই মহোৎসৱৰ বাবে পৱিত্ৰ ভাগৱত বহন কৰে। ইয়াৰ পাছতে মুকলি সভা অনুষ্ঠিত হয়। মহোৎসৱ উপলক্ষে প্রকাশিত স্মৃতিগ্ৰন্থ বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ড° বাবুল চন্দ্ৰ দাসে উন্মোচন কৰে।
Site Admin | December 4, 2025 7:01 PM | Akashvani | Akashvani News | puri mahotsav 2025 | Puri mohotsav
পুৰী মহোৎসৱৰ আজি সামৰণি