June 26, 2025 10:57 AM | Jagannath Yatra

printer

পুৰীত বিশ্ব প্ৰসিদ্ধ মহাপ্রভু জগন্নাথৰ ৰথযাত্রা সফলতাৰে সম্পন্ন কৰাৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা

ওড়িশাৰ পুৰীত বিশ্ব প্ৰসিদ্ধ মহাপ্রভু জগন্নাথৰ ৰথযাত্রা সফলতাৰে সম্পন্ন কৰাৰ বাবে সকলো ধৰণৰ নিৰাপত্তা ব্যৱস্থা সম্পূৰ্ণ কৰি তোলা হৈছে। কাইলৈ এই ৰথযাত্ৰা আৰম্ভ হ’ব। ওড়িশা আৰক্ষীয়ে যান- বাহনৰ আহ-যাহৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। লগতে জগন্নাথ মন্দিৰৰ ভিতৰ আৰু বাহিৰৰ চাৰিওকাষে নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলাৰ লগতে মহাপ্ৰভূ জগন্নাথ, সুভদ্ৰা আৰু বলভদ্ৰৰ ৰথৰ চাৰিওকাষে নিচ্ছিদ্ৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। ইয়াৰ উপৰিও পুৰীৰ উপকুলীয় অঞ্চলসমূহতো নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰা হৈছে। প্ৰথমবাৰৰ বাবে পুৰী আৰু ইয়াৰ চাৰিওকাষে কৃত্রিম বুদ্ধিমত্তাযুক্ত সমুহীয়া নিয়ন্ত্রণ ব্যৱস্থাৰে ২৭৫টা চিচি টিভি সংস্থাপন কৰা হৈছে। পবিত্ৰ উপকুলীয় চহৰ পুৰীত আৰক্ষীৰ ২০০টা দল, বি এছ এফ আৰু চি আৰ পি এফৰ ৮টা কোম্পানী নিয়োজিত কৰা হৈছে। সাগৰীয় আৰক্ষী আৰু উপকূলৰক্ষীয়ে ভাৰতীয় নৌ বাহিনীৰ সেনা বিষয়াক অপ্রীতিকৰ পৰিস্থিতি প্রতিহত কৰাৰ বাবে সাগৰ অঞ্চলত তহল দিয়াৰ নিৰ্দেশ দিয়া হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।