ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

পুনৰ মহাকাশলৈ উৰা মাৰিব ভাৰতীয়-আমেৰিকান মহাকাশচাৰী সুনীতা উইলিয়ামছ

ভাৰতীয়-আমেৰিকান মহাকাশচাৰী সুনীতা উইলিয়ামছে কাইলৈ বয়িঙৰ প্ৰথমটো ক্রুড অভিযানৰ জৰিয়তে পুনৰ মহাকাশলৈ উৰা মাৰিব। বয়িঙৰ ষ্টাৰলাইনাৰ মহাকাশযানখনৰ প্রথম মানৱ মহাকাশ যাত্ৰাৰ এই পদক্ষেপ উইলিয়ামছৰ বাবে বহু প্রত্যাশিত প্রত্যাৱর্তন হ’ব। নাছাৰ সহযোগী মহাকাশচাৰী বেৰী উইলম’ৰৰ সৈতে উইলিয়ামছে এই মহাকাশ অভিযানত যোগ দিব। মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বেৰী উইলম’ৰে ভাৰতীয় সময় অনুসৰি কাইলৈ পুৱাৰ ভাগত উৎক্ষেপণ কৰিব।