পুণেৰ ডেক্কান মহাবিদ্যালয় ডীম্ড বিশ্ববিদ্যালয়ৰ অনুষ্ঠানত বিত্তমন্ত্রী নির্মলা সীতাৰমনৰ অংশগ্ৰহণ

কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে কৈছে যে কেন্দ্ৰীয় চৰকাৰে এখন উন্নত ভাৰতৰ ভেটি স্থাপনৰ ক্ষেত্ৰত উচ্চ শিক্ষাৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা অনুধাৱন কৰিয়েই নতুন শিক্ষানীতিত অগ্ৰাধিকাৰ প্ৰদান কৰিছে। পুণেৰ ডেক্কান মহাবিদ্যালয় ডীম্‌ম্ড বিশ্ববিদ্যালয়ে আয়োজন কৰা এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে আজি এইদৰে প্ৰকাশ কৰে ৷ তেওঁ কয় যে ২০১৪ চনৰ পূৰ্বৰ তিনিৰ পৰা চাৰি দশকত তদানীন্তন কেন্দ্ৰীয় চৰকাৰে উচ্চ শিক্ষাৰ বাবে কোনো বিশেষ ব্যৱস্থা কৰা নাছিল যদিও ২০১৪ চনৰেপৰা কেন্দ্ৰীয় চৰকাৰে উচ্চ শিক্ষাৰ ভেটি স্থাপনৰ বাবে ভালেমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতীয় প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠান আই আই টি আৰু অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠানে ব্যৱসায়মুখী উচ্চ শিক্ষা প্রতিষ্ঠান গঢ়ি তোলাত যথেষ্ট অৰিহণা আগবঢ়াই আহিছে। নতুন শিক্ষানীতিয়ে উচ্চ শিক্ষাৰ ক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তনৰ সূচনা কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। উপাচাৰ্য প্ৰমোদ পাণ্ডে আৰু প্ৰতি- উপাযার্য প্রসাদ যোশী অনুষ্ঠানত উপস্থিত থাকে।