ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

May 5, 2024 1:14 PM | Onion Export

printer

পিয়াঁজৰ ৰপ্তানিত আৰোপ কৰা নিষেধাজ্ঞা চৰকাৰৰ প্রত্যাহাৰ

চৰকাৰে পিয়াঁজৰ ৰপ্তানিৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা প্রত্যাহাৰ কৰিছে। বিদেশ বাণিজ্য সঞ্চালকালয়ে এখন অধিসূচনা যোগে প্রতি মেট্রিক টনত ৫৫০ ডলাৰৰ ন্যূনতম ৰপ্তানি মূল্যৰে এই নিৰ্দেশ ততালিকে প্রযোজ্য হোৱা বুলি প্ৰকাশ কৰিছে। চলিত বৰ্ষত ৰবি শস্যৰ আনুমানিক ভাল উৎপাদন, বৰষুণ স্বাভাৱিকতকৈ অধিক হোৱাৰ বাবে খাৰিফ শস্যৰ ভাল উৎপাদনৰ সম্ভাৱনা, বজাৰৰ সাম্প্ৰতিক পৰিস্থিতিৰ দৰে বিভিন্ন বিষয় বিবেচনা কৰি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৰপ্তানি নিষেধাজ্ঞা স্বত্বেও ভাৰতে ৬ খন চুবুৰীয়া ৰাজ্য বাংলাদেশ, সংযুক্ত আৰব আমীৰ শ্বাহী, ভূটান, বাহৰেইন, মৰিছাচ আৰু শ্ৰীলংকালৈ পিয়াঁজৰ ৰপ্তানি অব্যাহত ৰাখিছিল। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে, চৰকাৰে ঘৰুৱা উপভোক্তা আৰু খেতিয়কসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ প্ৰয়াস অব্যাহত ৰাখিব।