ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

March 23, 2025 11:06 AM | Onion Export

printer

পিঁয়াজৰ ৰপ্তানিৰ ক্ষেত্ৰত আৰোপিত ২০ শতাংশ শুল্ক প্রত্যাহাৰ

কেন্দ্ৰীয় চৰকাৰে পিঁয়াজৰ ৰপ্তানিৰ ক্ষেত্ৰত আৰোপিত ২০ শতাংশ শুল্ক প্রত্যাহাৰ কৰিছে। গ্রাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে, ইয়াৰ ফলত খেতিয়কসকলৰ বাবে লাভজনক মূল্য সুনিশ্চিত হ’ব আৰু গ্ৰাহকসকলৰ বাবে পিঁয়াজৰ উপলব্ধতা বৰ্তি থাকিব। ৰবি শস্যৰ বতৰত পিয়াজসহ অন্য শস্যৰ অধিক উৎপাদনৰ ফলত অনাগত সময়ত এনে শস্যসমূহৰ বজাৰ মূল্য হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে, ঘৰুৱা বজাৰত উপলব্ধতা সুনিশ্চিত কৰাৰ উদ্দেশ্যে যোৱা বছৰ ১৩ ছেপ্তেম্বৰত পিঁয়াজৰ ওপৰত ২০ শতাংশ ৰপ্তানি শুল্ক আৰোপ কৰা হৈছিল।