গুৱাহাটীৰ আৰক্ষী আয়ুক্ত হিচাপে আজি পাৰ্থ সাৰথি মহন্তই আনুষ্ঠানিকভাৱে দায়িত্ব গ্রহণ কৰে। শীৰ্ষ আৰক্ষী বিষয়া মহন্তই নতুন দায়িত্ব গ্ৰহণ কৰি গুৱাহাটীবাসীৰ বাবে এটা নতুন হেল্পলাইন নম্বৰ মুকলি কৰে। ওজ আপত্তি তথা সমস্যাৰ বিষয়ে জনোৱাৰ বাবে ৬০২৬৯-০০৬৫১ ৱাটছআপ নম্বৰ মুকলি কৰাৰ বিষয়ে তেওঁ জানিবলৈ দিয়ে।এই ৱাটছআপ নম্বৰ ২৪ ঘণ্টাই সক্ৰিয় হৈ থাকিব বুলি তেওঁ মন্তব্য কৰে। মহানগৰৰ নতুন আৰক্ষী আয়ুক্তগৰাকীয়ে কয় যে আইনৰ গণ্ডীত থাকি চৰকাৰৰ মতে সকলো কাম কৰি যাবলৈ তেওঁ চেষ্টা কৰিব। মহানগৰীত অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কঠোৰভাৱে কাম কৰি যাব বুলি তেওঁ প্ৰকাশ কৰে। আৰক্ষী আয়ুক্তগৰাকীয়ে পুনৰ কয় যে জনসাধাৰণৰ পূৰ্ণ সহায় সহযোগিতা অবিহনে আৰক্ষীয়ে কোনো কাম কৰিব নোৱাৰে। সেয়ে জনসাধাৰণৰ সমৰ্থনত আৰক্ষীয়ে অপৰাধ নিয়ন্ত্ৰণৰ বাবে কাম কৰি যাব বুলি তেওঁ প্ৰকাশ কৰে। আৰক্ষী আয়ুক্তগৰাকীয়ে মহানগৰীত চেইন, মোবাইল কাঢ়ি নিয়া, বাহন চুৰিৰ ঘটনা ৰোধ কৰাৰ বাবে গুৰুত্ব আৰোপ কৰিব বুলিও মন্তব্য কৰে। উল্লেখযোগ্য যে মহানগৰ আৰক্ষী আয়ুক্তৰ দায়িত্ব গ্ৰহণ কৰিলেও তেওঁ অতিৰিক্তভাৱে স্পেচিয়েল টাস্ক ফ’ৰ্চৰ মুৰববী হিচাপে কাৰ্যনিৰ্বাহ কৰিব ।
Site Admin | January 4, 2025 6:14 PM | New DGP in Guwahati
পাৰ্থ সাৰথি মহন্তৰ গুৱাহাটীৰ আৰক্ষী আয়ুক্ত হিচাপে দায়িত্ব গ্রহণ
