পাৰাগুৱেৰ ৰাষ্ট্ৰপতি ছেণ্টিয়াগ পেনা পালাছিয়ছৰ আজিৰে পৰা ৩ দিনীয়াকৈ ভাৰত ভ্ৰমণ

পাৰাগুৱেৰ ৰাষ্ট্ৰপতি ছেণ্টিয়াগ পেনা পালাছিয়ছে আজিৰে পৰা তিনিদিনীয়াকৈ ভাৰত ভ্ৰমণ কৰিব। তেওঁৰ সৈতে মন্ত্ৰী, জ্যেষ্ঠ বিষয়া আৰু ব্যৱসায়িক প্ৰতিনিধিকে ধৰি এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলো থাকিব। এই ভ্ৰমণৰ সময়ছোৱাত দুয়োপক্ষই দ্বিপাক্ষিক সম্পৰ্কৰ বিস্তৃত পর্যালোচনা কৰাৰ সম্ভাৱনা আছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এটা বিবৃতিযোগে জনাইছে যে ৰাষ্ট্ৰপতি পেনাৰ এয়া হ’ব প্ৰথমটো ভাৰত ভ্ৰমণ আৰু কোনো এগৰাকী পাৰাগুৱেৰ ৰাষ্ট্ৰপতিৰ বৰ্তমানলৈকে দ্বিতীয়টো ভাৰত ভ্ৰমণ। যাত্ৰাৰ প্ৰথম দিনা ৰাষ্ট্ৰপতি পেনাই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বাৰ্তালাপ কৰিব। দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পর্ক বিভিন্ন বিষয়সমূহৰ পৰ্যালোচনা কৰিব। তেওঁ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰো সাক্ষাৎ‍ কৰিব। ৰাষ্ট্ৰপতি পেনাই বুধবাৰে পাৰাগুৱেলৈ উভতাৰ পূৰ্বে মুম্বাইলৈও যাব। মুম্বাইত ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজনৈতিক নেতা, ব্যৱসায়ী আৰু উদ্যোগ ক্ষেত্ৰৰ প্রতিনিধি তথা প্রযুক্তি বিশেষজ্ঞসকলক সাক্ষাৎ কৰিব।
ভাৰতৰ আৰু পাৰাগুৱেৰ মাজত ১৯৬১ চনত কূটনৈতিক সম্পর্ক স্থাপন হৈছিল আৰু তেতিয়াৰ পৰা দুয়োখন ৰাষ্ট্ৰৰ মাজত উষ্ম আৰু বন্ধুত্বপূৰ্ণ সম্পূৰ্ণ গঢ়ি উঠিছিল। দুয়োখন দেশে বাণিজ্য, কৃষি, স্বাস্থ্য, ঔষধ আৰু তথ্য প্ৰযুক্তিকে ধৰি বিভিন্ন ক্ষেত্ৰত সহযোগিতা কৰি তুলিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।