পাৰমাণৱিক চাবমেৰিন নির্মাণ সম্ভৱ কৰি তুলিবলৈ ছিউলে ৱাশ্বিংটনৰ সৈতে দ্বিপাক্ষিক চুক্তি স্বাক্ষৰ কৰাৰ মত পোষণ কৰিছে। দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা উই ছুং-লাকে ৱাশ্বিংটনত আলোচনাৰ বাবে উপস্থিত হোৱাৰ সময়তে উইয়ে এইদৰে মতপোষণ কৰে। প্ৰায় এমাহ পূর্বে অক্টোবৰৰ শেষৰ ফালে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি লি জে-ম্যুং আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ মাজত অনুষ্ঠিত দ্বিতীয়খন শীৰ্ষ সন্মিলনত দুয়োখন দেশৰ মাজত বাণিজ্য আৰু নিৰাপত্তা চুক্তিৰ স্বাক্ষৰিত হৈছিল। দক্ষিণ কোৰিয়াই আমেৰিকাৰ সৈতে থকা বৰ্তমানৰ দ্বিপাক্ষিক অসামৰিক পাৰমাণৱিক শক্তিৰ চুক্তিত সামৰিক উদ্দেশ্যত পাৰমাণৱিক সামগ্ৰী ব্যৱহাৰ কৰাত বাধা আৰোপ কৰিছে। ইউৰেনিয়াম সমৃদ্ধ আৰু ব্যৱহৃত পাৰমাণৱিক ইন্ধন পুনৰ প্ৰক্ৰিয়াকৰণৰ সন্দৰ্ভত ৱাইয়ে ইতিমধ্যে বহল পৰ্যায়ৰ চুক্তিত উপনীত হোৱা বুলি উল্লেখ কৰি পৰৱৰ্তী সুনির্দিষ্ট পদক্ষেপৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷
Site Admin | December 18, 2025 1:25 PM | Akashvani | South Korea | Washington
পাৰমাণৱিক চাবমেৰিন নির্মাণ সম্ভৱ কৰি তুলিবলৈ ছিউলে ৱাশ্বিংটনৰ সৈতে দ্বিপাক্ষিক চুক্তি স্বাক্ষৰত মত পোষণ