ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

পাব্লিক স্পীকত নিশা ৯-৩০ বজাত গ্রীষ্ম প্রবাহৰ সময়ত ল’বলগীয়া সাৱধানতা সন্দৰ্ভত বিশেষ আলোচনা

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা চাৰে ৯ বজাত গ্রীষ্ম প্রবাহৰ সময়ত ল’বলগীয়া সাৱধানতা সন্দৰ্ভত ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ বিজ্ঞানী ড০ আৰ কে জেনামানী আৰু লেডী হাৰ্ডিন চিকিৎসা মহাবিদ্যালয়ৰ মেডিচিন বিভাগৰ অধ্যাপক ড০ অনুপম প্রকাশৰ সৈতে বিশেষ আলোচনা প্ৰচাৰ কৰা হ’ব। আগ্রহী শ্রোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০১১-২৩৪২ ১০৫০ আৰু ০১১ ২৩৩১ ৪৪৪৪ নম্বৰত ফোন কৰি গ্ৰীষ্ম প্ৰবাহৰ কাৰণ, ইয়াৰ ফল আৰু এই সন্দৰ্ভত ল’বলগীয়া সাৱধানতাৰ বিষয়ে সমল ব্যক্তি দুগৰাকীক প্ৰশ্ন সুধিব পাৰিব। শ্ৰোতাসকলে ৱাটছএপ যোগে ৯২৮৯০ ৯৪০৪৪ নম্বৰলৈও প্ৰশ্ন প্ৰেৰণ কৰাৰ লগতে সামাজিক মাধ্যম এক্সত, হেছটেগ AskAir ৰ জৰিয়তেও প্রশ্ন সুধিব পাৰিব।