পানীখাইটীত দুৰ্যোগ সঁহাৰি প্ৰশিক্ষণ প্ৰকল্পৰ আধাৰশিলা স্থাপন মন্ত্ৰী কেশৱ মহন্তৰ

গুৱাহাটীৰ পানীখাইটীস্থিত অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষীৰ কেন্দ্ৰীয় প্ৰশিক্ষণ প্রতিষ্ঠান চৌহদত কালি ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই এটা বিশ্বমানৰ দুৰ্যোগ সঁহাৰি প্ৰশিক্ষণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধীকৰণৰ সহযোগত অসমৰ নদী অৱবাহিকা সুসংহতকৰণ ব্যৱস্থাপনা কাৰ্যসূচীৰ অধীনত এই প্ৰশিক্ষণ প্রকল্প সংযোজন কৰা হ’ব। আধাৰশিলা স্থাপন অনুষ্ঠানত গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি আৰু বিধায়ক অতুল বৰাৰ লগে পণ্যাগাৰ নিগমৰ উপাধ্যক্ষ ড০ তপন দাস আৰু আৰক্ষী মহাপৰিদৰ্শক অৰবিন্দ কলিতায়ো উপস্থিত থাকে।

অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্তই অসমক দুৰ্যোগ স্থিতি স্থাপক ৰাজ্য ৰূপে গঢ়াৰ বাবে প্রয়োজনীয় আন্তঃগাঁথনি আৰু সামৰ্থ বৃদ্ধিত ৰাজ্য চৰকাৰে বিশেষ অগ্ৰাধিকাৰ দিয়া বুলি প্ৰকাশ কৰে। তেওঁ কয়, যে আন্তঃৰাষ্ট্ৰীয় মানৰ দুৰ্যোগ সঁহাৰি ব্যৱস্থা বিকশিত কৰি অসমক দুর্যোগ সংকামুক্ত ৰাজ্যৰূপে গঢ়ি তোলাত চৰকাৰে গুৰুত্ব দিছে।

ইয়াৰ বাবে আমাৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অধীনৰ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধীকৰণে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধীকৰণৰ মাৰ্গ দৰ্শনত সক্ৰিয়তাৰে কাম কৰি আছে।

মন্ত্ৰী শ্ৰী মহন্তই অসমত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰতিষ্ঠানৰ উত্তৰ-পূৰ্বাঞ্চল চৌহদ এটা স্থাপনৰ বাবে অসম চৰকাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ ওচৰত দিয়া প্ৰস্তাৱৰ প্ৰতি শেহতীয়াকৈ আশাব্যঞ্জক সঁহাৰি লাভ কৰাৰ বুলিও অনুষ্ঠানত প্ৰকাশ কৰে।