ডাউনলোড
মোবাইল এপ

android apple
signal

September 1, 2025 7:27 PM | CM in Sri Bhumi

printer

পাথাৰকান্দিত আত্মসহায়ক গোটৰ সদস্যক ১০ হাজাৰকৈ টকাৰ চেক বিতৰণ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ অধীনত শ্ৰীভূমি জিলাৰ পাথাৰকান্দি বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ ১৫ হাজাৰ ৬৭১ গৰাকী সদস্যক ১০ হাজাৰকৈ টকাৰ চেক আনুষ্ঠানিকভাৱে বিতৰণ কৰে। জিলাখনৰ মুণ্ডামালা খেলপথাৰত আয়োজিত এটা অনুষ্ঠানত অংশ লৈ দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে চৰকাৰী অনুদান হি চাপে লাভ কৰা ধন অপচয় কাৰাৰ পৰিৱৰ্তে অর্থনৈতিক উন্নয়নত বিনিয়োগ কৰিবলৈ পৰামৰ্শ দিয়ে। তেওঁ কয়, যে চৰকাৰে এই পুঁজিৰ ব্যৱহাৰ সন্দৰ্ভত সমীক্ষা চলাব আৰু ধনৰ সঠিক ব্যৱহাৰ কৰা মহিলাই পুনৰ ২৫ হাজাৰ টকা লাভ কৰিব। এই ২৫ হাজাৰ টকা ১২ হাজাৰ ৫০০ টকা ৰাজ্য চৰকাৰে আৰু ১২ হাজাৰ ৫০০ টকা বেংকে প্ৰদান কৰিব। এই পুঁজিৰো সঠিক ব্যৱহাৰ কৰিলে মহিলাসকলে পৰৱৰ্তী পৰ্যায়ত ৫০ হাজাৰ টকাকৈ লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে এনেদৰে মুঠ তিনিটা পৰ্যায়ত আত্মসহায়ক গোটৰ মহিলাসকলে ৮৫ হাজাৰ টকা লাভ কৰিব।
১৭ ছেপ্তেম্বৰত সকলো নতুন আৰু পুৰণি অৰুণোদয় হিতাধিকাৰীয়ে ধন লাভ কৰিব বুলি তেওঁ উল্লেখ কৰে। এই আঁচনিৰ জৰিয়তে মহিলাসকলে এহেজাৰ ২৫০ টকা লাভ কৰাৰ উপৰি ৰন্ধন গেছৰ চিলিঙাৰ ক্ৰয়ৰ বাবদ ২৫০ টকাকৈ লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে কয়। তদুপৰি অহা এক নৱেম্বৰৰ পৰা ৰেচন কাৰ্ডত চাউলৰ লগতে চেনী, ডালি আৰু নিমখ কম মূল্যত লাভ কৰিব পৰা যাব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। আজিৰ অনুষ্ঠানত মন্ত্ৰী কৃষ্ণেন্দু পাল, কৌশিক ৰায়, সাংসদ কৃপানাথ মল্লাৰ লগতে কেইবাগৰাকীও নেতা উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।