■ গুৱাহাটী মহানগৰীৰ পাণ্ডুৰ শদিলাপুৰত আৰক্ষীয়ে কালি অভিযান চলাই প্রাঞ্জল দাস নামৰ এজন ড্রাগ্ছ সৰবৰাহকাৰীক আটক কৰিবলৈ সমৰ্থ হয়। ধৃত ড্ৰাগছ সৰবৰাহকাৰীজনৰ পৰা আৰক্ষীয়ে ১০ টা হেৰ’ইন ভর্তি কণ্টেইনাৰ জব্দ কৰে। ধৃত প্রাঞ্জল দাস বৰ্তমান জালুকবাৰী আৰক্ষীৰ জিম্মাত আছে। ইপিনে, মহানগৰীৰ পাণবজাৰ আৰক্ষীয়ে কালি বুজন পৰিমাণৰ ড্ৰাগছসহ জহুৰা পাৰবিন নামৰ এগৰাকী ড্ৰাগছ সৰবৰাহকাৰী মহিলাক গ্ৰেপ্তাৰ কৰিবলৈ সমৰ্থ হয়। আৰক্ষীয়ে মহিলাগৰাকীৰ পৰা হেৰ’ইন ভর্তি ৫০ টা কণ্টেইনাৰ আৰু নগদ টকা জব্দ কৰে। আৰক্ষীৰ আন এটা অভিযানত সাতগাঁৱৰ পৰা ৰোহিত আলী আন এজন ড্রাগ্ছ সৰবৰাহকাৰীক আৰক্ষীয়ে আটক কৰি ড্ৰাগছৰ কেইবাটাও খালী কণ্টেইনাৰ উদ্ধাৰ কৰে । দুয়োগৰাকী সৰবৰাহকাৰীক আৰক্ষীয়ে বৰ্তমান জেৰা চলাই আছে।
Site Admin | June 19, 2025 12:23 PM | Anti Drugs | Assam Police | Drugs | DRUGS SEIZED | Guwahati
পাণ্ডুৰ শদিলাপুৰত আৰক্ষীৰ অভিযানত ড্রাগ্ছ সৰবৰাহকাৰীক আটক
