ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

পাঞ্জাব কিংছ আই পি এলৰ ফাইনেলত প্ৰৱেশ

আই পি এল ক্রিকেট প্রতিযোগিতাত পাঞ্জাব কিংছে মুম্বাই ইণ্ডিয়ানছক ৫ উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত কালি অনুষ্ঠিত দ্বিতীয়খন কোৱালিফায়াৰত মুম্বাই ইণ্ডিয়ানছে বান্ধি দিয়া ২০৪ ৰানৰ বিজয় লক্ষ্য পাঞ্জাব কিংছে এটা অভাৰ বাকী থকা অৱস্থাত সহজে অতিক্ৰম কৰে। পাঞ্জাব কিংছৰ হৈ অধিনায়ক শ্ৰেয়াছ আয়াৰে অপৰাজিত ৮৭ ৰান সংগ্রহ কৰে। নিহাল ৱাধেৰাই ৪৮ ৰানৰ বৰঙণি আগবঢ়ায়। মুম্বাই ইণ্ডিয়ানছৰ হৈ আশ্বানী কুমাৰে দুটা উইকেট দখল কৰে। শ্রেয়াছ আয়াৰক প্লেয়াৰ অৱ মেচ ঘোষণা কৰা হয়। বৰষুণৰ বাবে খেলখন কিছু পলমকৈ অনুষ্ঠিত হৈছিল।
এই জয়ৰ সুবাদত বুধবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত পাঞ্জাব কিংছ, ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে ফাইনেলত অৱতীৰ্ণ হ’ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।