পাকিস্তান সীমান্তৱৰ্তী ৰাজ্যসমূহৰ মুখ্য সচিবসকলৰ সৈতে কেন্দ্রীয় গৃহ সচিব গোবিন্দ মোহনৰ আলোচনা

কেন্দ্রীয় গৃহ সচিব গোবিন্দ মোহনে কালি ভিডিঅ’ কনফাৰেন্সিঙ মাধ্যমেৰে পাকিস্তানৰ সৈতে সীমান্ত ভাগ বাটোৱাৰা কৰা ৰাজ্যসমূহৰ মুখ্য সচিবসকলৰ সৈতে আলোচনাত মিলিত হয়। সূত্রসমূহে জনোৱা মতে, সীমান্তৰ সিপাৰৰ পৰা গুলীচালনা হ’লে তেওঁলোকক সজাগ হৈ থাকিবলৈ আৰু নিজৰ অঞ্চলত অসামৰিক প্ৰতিৰক্ষা ব্যৱস্থা সক্ৰিয় কৰিবলৈ আহ্বান জনোৱা হৈছে। ভাৰত-পাকিস্তানে সংঘর্ষ বিৰতি ঘোষণা কৰাৰ কেইঘণ্টামান পিছতে এই কথা প্ৰকাশ পাইছিল।