ডাউনলোড
মোবাইল এপ

android apple
signal

পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শক্তিশালী প্রত্যুত্তৰৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ডেনমাৰ্কৰ প্ৰশংসা

জম্মু-কাশ্মীৰৰ পেহেলগামত হোৱা পাশৱিক সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰত তথা সীমান্তৰ সীপাৰৰ সন্ত্রাসবাদ নির্মূল কৰাৰ বাবে ভাৰতৰ দৃঢ় পদক্ষেপে গোলকীয় দৃষ্টি আকর্ষণ কৰিছে। ডেনমাৰ্কৰ শীর্ষস্থানীয় কূটনৈতিক বিষয়াই পাকিস্তানৰ পৃষ্ঠপোষকতাৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শক্তিশালী প্রত্যুত্তৰৰৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰে। ভাৰতৰ প্ৰাক্তন ডেনমাৰ্কৰ ৰাষ্ট্রদূত ফ্রেডি শ্বোৱানে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভাৰতৰ প্ৰকৃত ৰক্ষাকর্তা আখ্যা দি আন্তর্জাতিক মঞ্চত পাকিস্তানৰ স্বৰূপ উদঙাই দিয়াৰ কূটনৈতিক পদক্ষেপক আদৰণি জনায়। এটা সংবাদ সংস্থাৰ সৈতে হোৱা সাক্ষাতকাৰত শ্বোৱানে কয়, যে আন্তর্জাতিকভাৱে নিজৰ প্ৰগতি প্রতিফলিত কৰি ভাৰতে আগশাৰীৰ দেশ হিচাপে নিজকে প্রতিপন্ন কৰাৰ লগতে প্ৰমাণ কৰিছে যে এই দেশে প্ৰত্যুত্তৰ দিব পাৰে। অপাৰেচন সিন্দূৰৰ ওপৰত আলোকপাত কৰি তেওঁ ভাৰতৰ কূটনৈতিক পদক্ষেপক প্রশংসা কৰাৰ লগতে সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা কৰি অহা পাকিস্তানক গৰিহণা দিয়ে। তেওঁ কয়, যে বিশ্বৰ বিভিন্ন প্ৰান্তলৈ সৰ্বদলীয় প্রতিনিধি প্ৰেৰণ কৰা ভাৰতৰ পদক্ষেপ সফল হ’ব। তেওঁ আন্তঃৰাষ্ট্ৰীয় সম্প্রদায়ে পাকিস্তানৰ বিৰুদ্ধে শক্তিশালী পদক্ষেপ লোৱাৰ পোষকতা কৰে। তেওঁ আন্তৰ্জাতিক সন্ত্ৰাসবাদৰ হকে কাম কৰি অহা তথা সন্ত্ৰাসবাদী কার্যকলাপ বৃদ্ধি কৰাৰ বাবে বিত্তীয় সমৰ্থন যোগান ধৰাৰ দৰে পদক্ষেপত জড়িত হৈ থকা পাকিস্তানক ফাইনেন্সিয়েল এক্সন টাস্ক ফ’ৰ্চৰ বিশেষ পৰ্যবেক্ষণৰ তালিকাত পুনৰ অন্তৰ্ভুক্ত কৰাৰ পোষকতা কৰে।

অধিক পঢ়ক

সকলো চাওক