October 19, 2025 2:33 PM | Pak-Afghan

printer

পাকিস্তান আৰু আফগানিস্তানৰ ততালিকে সংঘর্ষ বিৰতিৰ বাবে সন্মতি প্ৰকাশ

পাকিস্তান আৰু আফগানিস্তানে দোহাত হোৱা আলোচনাৰ অন্তত ততালিকে সংঘর্ষ বিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰিছে। কাটাৰ আৰু তুৰস্কই দুয়ো দেশৰ মাজৰ এই আলোচনাত মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰে।

কাটাৰৰ বিদেশ মন্ত্ৰ্যালয়ে কৈছে যে, দুয়োখন দেশে সংঘর্ষ বিৰতি মানি চলিবলৈ আৰু নিৰ্ভৰযোগ্য তথা স্থায়ীভাবে ইয়াৰ ৰূপায়ণৰ বিষয়টো মূল্যায়নৰ অৰ্থে পৰৱৰ্তী পৰ্যায়ত বৈঠক অনুষ্ঠিত কৰিবলৈ প্রতিশ্রুতিবদ্ধতা প্ৰকাশ কৰিছে। আফগানিস্তানত ২০২১ চনত তালিবান ক্ষমতালৈ অহাৰ পাছত দুয়োখন দেশৰ মাজত হোৱা সংঘৰ্ষত ভালেসংখ্যক লোক নিহত আৰু শশ লোক আহত হোৱাৰ পাছত এই চুক্তি সম্পাদিত হৈছে। শুকুৰবাৰে আক্ৰমণকাৰীয়ে সীমান্তত পাকিস্তানৰ ৭ জন সৈনিকক নিহত আৰু ১৩ জনক আহত কৰাৰ পাছত দুয়োখন দেশৰ মাজত উত্তেজনা বৃদ্ধি পাইছে। ইয়াৰ পাছতে পাকিস্তানে আক্রমণেৰে প্ৰত্যুত্তৰ দিছিল। দুয়োখন দেশৰ মাজৰ ২৬০০ কিলোমিটাৰ দৈর্ঘ্যৰ সীমান্ত এলেকা বহুদিন ধৰি সংঘৰ্ষৰ কেন্দ্ৰৰূপে পৰিগণিত হৈ আহিছে। পাকিস্তানে যোৱা সপ্তাহত দেশখনৰ বিৰুদ্ধে হোৱা বর্ধিত আক্ৰমণক কেন্দ্ৰ কৰি আফগানিস্তানে সন্ত্রাসবাদীক আশ্রয় দিয়াৰ অভিযোগ উত্থাপন কৰিছিল আৰু ইয়াৰ পাছতে আফগানিস্তানে স্থলপথ আৰু আকাশমাৰ্গেৰে আক্রমণ চলাইছিল।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।