পাকিস্তানৰ সম্ভাৱ্য পৰমাণু ভাবুকি সন্দৰ্ভত সেনাপ্রধান আছিম মুনিৰৰ মন্তব্যক ভাৰতৰ গৰিহণা

ভাৰতে সম্ভাৱ্য পৰমাণু ভাবুকি সন্দৰ্ভত পাকিস্তানৰ সেনাপ্রধান আছিম মুনিৰৰ মন্তব্যক কঠোৰ ভাষাৰে গৰিহণা দিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে এটা বিবৃতিত কয়, যে ভাৰতে কোনোধৰণৰ পৰমাণু ব্লেকমেইলৰ আগত হাৰ নামানে বুলি ইতিমধ্যে স্পষ্ট কৰি দিছে। তেওঁ কয়, যে নতুন দিল্লীয়ে ৰাষ্ট্ৰীয় সুৰক্ষাৰ দিশত যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰি যাব। শ্রীজয়ছোৱালে কয়, যে পাৰমাণৱিক অস্ত্ৰ-শস্ত্ৰৰ ভাবুকি দিয়াটো পাকিস্তানৰ বাবে কোনো নতুন কথা নহয়। তেওঁ এনেধৰণৰ মন্তব্য এখন তৃতীয় মিত্ৰদেশৰ ভূমিৰ পৰা কৰাক লৈ অসন্তুষ্টি ব্যক্ত কৰে। বিবৃতিটোত লগতে আন্তঃৰাষ্ট্ৰীয় সমুদায়ৰ এনে মন্তব্যত নিহীত হৈ থকা দায়িত্বহীনতাক সকৰ্ত কৰি দিয়াৰ উপৰি বিশেষকৈ পাকিস্তানী সেনাৰ সন্ত্ৰাসবাদী গোটৰ সৈতে থকা ঘনিষ্ঠ সম্পর্ক তথা দেশখনৰ পাৰমাণিক কমাণ্ড আৰু নিয়ন্ত্ৰণক লৈ থকা দীৰ্ঘদিনীয়া উদ্বেগ বৃদ্ধি কৰিব বুলি উল্লেখ কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।