ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

পাকিস্তানৰ পঞ্জাৱ প্ৰদেশত হোৱা বানত যোৱা ২৪ ঘণ্টাত কমেও ১৭ গৰাকী লোকৰ মৃত্যু

পাকিস্তানৰ পঞ্জাৱ প্ৰদেশত হোৱা বানত যোৱা ২৪ ঘণ্টাত কমেও ১৭ গৰাকী লোকৰ মৃত্যু হয়। ছুটলেজ, ৰবি আৰু চেনাব নৈৰ বাঢ়নি পানীৰ ফলত বিভিন্ন অঞ্চলত বানৰ সৃষ্টি কৰাৰ লগতে বহুসংখ্যক আন্তঃগাঁথনি ধ্বংস হৈছে। বানৰ ফলত কৃষিভূমিৰ বিস্তৰ ক্ষতি হৈছে। পঞ্জাৱৰ জৰুৰীকালীন সেৱা বিভাগৰ তথ্য মতে বানত নিহত হোৱা ১৭ গৰাকীৰ ৭ গৰাকী শিয়ালকোটৰ, ৪ গৰাকী গুজৰাটৰ, ৪ গৰাকী নাৰোৱালৰ, দুগৰাকী হাফিজাবাদৰ আৰু এগৰাকী গুজৰানৱালাৰ বাসিন্দা আছিল।