ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ বিষয়াক দেশৰ স্পৰ্শকাতৰ তথ্য প্ৰদান কৰাৰ অভিযোগত চি আৰ পি এফ জোৱানক গ্ৰেপ্তাৰ ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ

পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ বিষয়াক দেশৰ স্পৰ্শকাতৰ তথ্য প্ৰদান কৰাৰ অভিযোগত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা-এন আই এয়ে আজি এজন চি আৰ পি এফ জোৱানক গ্ৰেপ্তাৰ কৰিছে। এন আই এ জনোৱা মতে, অভিযুক্ত চি আৰ পি এফ জোৱানজনে ২০২৩ চনৰ পৰাই পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ বিষয়াৰ সৈতে ৰাষ্ট্ৰীয় নিৰাপত্তা সম্পৰ্কীয় গোপন তথ্য আদান প্ৰদান কৰিছিল আৰু ইয়াৰ বিনিময়ত পাকিস্তানৰ পৰা বিভিন্ন মাধ্যমেৰে জোৱানজনে মোটা অংকৰ ধন লাভ কৰিছিল। তদন্তকাৰী সংস্থাটোৱে জোৱানজনক জেৰা অব্যাহত ৰাখিছে। গ্ৰেপ্তাৰ কৰাৰ পিছতে তেওঁক পাতিয়ালা হাউচ কোর্টৰ বিশেষ আদালতত হাজিৰ কৰাই ৬ জুনলৈকে নিজৰ জিম্মাত লৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।