পাকিস্তানৰ সৈতে কালি হোৱা সংঘৰ্ষ বিৰতিৰ বুজাবুজি কেইবাবাৰো উলংঘা হোৱা বুলি বিদেশ সচিব বিক্ৰম মিশ্রিয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্রীমিশ্রিয়ে কয়, যে সশস্ত্র বাহিনীসমূহে সংঘর্ষ বিৰতি উলংঘনৰ সমুচিত আৰু যোগ্য প্ৰত্যুত্তৰ দিছে আৰু নতুন দিল্লী মহলে সংঘর্ষ বিৰতি উলংঘনৰ ঘটনাক গুৰুত্ব সহকাৰে লৈছে। ভাৰতে সংঘৰ্ষ বিৰতি উলংঘনৰ ঘটনা ৰোধ কৰাৰ বাবে উচিত পদক্ষেপ ল’বলৈ আৰু গম্ভীৰতা তথা দায়িত্ব সহকাৰে পৰিস্থিতিৰ সন্মুখীন হ’বলৈ পাকিস্তানৰ প্ৰতি আহ্বান জনাইছে। শ্রীমিশ্রিয়ে কয়, যে সশস্ত্র বাহিনীসমূহে পৰিস্থিতিৰ ওপৰত নজৰ ৰাখি আছে। বিদেশ সচিবগৰাকীয়ে কয়, যে তেওঁলোকক আন্তঃৰাষ্ট্ৰীয় সীমান্ত আৰু নিয়ন্ত্ৰণ ৰেখাত সংঘৰ্ষ বিৰতি উলংঘনৰ ঘটনাৰ দৃঢ়তাৰে সন্মুখীন হ’বলৈ নিৰ্দেশ দিয়া হৈছে। শ্রীমিশ্রিয়ে কয়, যে পাকিস্তানে সঠিকভাৱে পৰিস্থিতি অনুধাৱন কৰা উচিত আৰু অনুপ্ৰৱেশ বন্ধ কৰাৰ বাবে ততালিকে ব্যৱস্থা গ্ৰহণ কৰা উচিত। ইয়াৰ পূৰ্বে ভাৰত আৰু পাকিস্তানে কালি তাৎক্ষণিকভাৱে গুলীবর্ষণ আৰু সামৰিক অভিযান বন্ধ ৰখাৰ কথা ঘোষণা কৰে। বিদেশ সচিব বিক্রম মিশ্রিয়ে নতুন দিল্লীত এই কথা ঘোষণা কৰি কয়, যে পাকিস্তানৰ সামৰিক অভিযানৰ সঞ্চালক প্ৰধানে কালি দুপৰীয়াৰ ভাগত সংঘৰ্ষ বিৰতিৰ বাবে আহ্বান জনায় আৰু ইয়াৰ পাছত বিষয়টোলৈ আলোচনা হয়। এই আলোচনাত দুয়োপক্ষই গুলীবর্ষণ আৰু সামৰিক অভিযান বন্ধ ৰাখিবলৈ সন্মতি প্ৰকাশ কৰে। সংঘৰ্ষ বিৰতি ঘোষণাৰ পাছতে প্ৰধানমন্ত্ৰীৰ নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত তেওঁৰ নতুন দিল্লীৰ বাসগৃহত এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত বিদেশ মন্ত্ৰী ড° এছ. জয়শংকৰ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভাল, চিফ অব ডিফেন্স ষ্টাফ অনিল চৌহান আৰু সেনা বাহিনীৰ তিনিওটা শাখাৰ মুৰববী উপস্থিত থাকে।
Site Admin | May 11, 2025 11:07 AM | Bikram Misri Press Meet
পাকিস্তানে সংঘৰ্ষ বিৰতিৰ বুজাবুজি কেইবাবাৰো উলংঘা কৰা বুলি বিদেশ সচিব বিক্ৰম মিশ্রিৰ প্ৰকাশ
