ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

পাকিস্তানী নাগৰিকৰ বাবে ভিছাৰ সেৱা তৎকালে কাৰ্যকৰী হোৱাকৈ বাতিলৰ সিদ্ধান্ত

ভাৰতে পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতে পাকিস্তানী নাগৰিকৰ বাবে ভিছাৰ সেৱা তৎকালে কাৰ্যকৰী হোৱাকৈ বাতিল কৰাৰ সিদ্ধান্ত লৈছে। অহা ২৭ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ পাকিস্তানী নাগৰিকক প্ৰদান কৰা সকলো বৈধ ভিছা বাতিল কৰা হৈছে। তদুপৰি চুবুৰীয়া দেশখনৰ নাগৰিকসকলক প্ৰদান কৰা চিকিৎসা ভিছাসমূহ অহা ২৯ এপ্ৰিললৈকেহে বৈধ বুলি বিবেচিত হ’ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্রকাশ কৰা বিবৃতি অনুসৰি সম্প্ৰতি ভাৰতত থকা সকলো পাকিস্তানী লোকে এই নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত ভাৰতৰ পৰা যাব লাগিব। মন্ত্ৰালয়ে ভাৰতীয় নাগৰিকসকলক পাকিস্তানলৈ যোৱাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়াৰ লগতে বৰ্তমান তাত থকা ভাৰতীয়সকলক অতি শীঘ্ৰেই দেশলৈ ঘূৰি আহিবলৈ আহ্বান জনাইছে। উল্লেখযোগ্য যে ভাৰতে ছাৰ্ক ভিছা ৰেহাই আঁচনিৰ অধীনত পাকিস্তানী নাগৰিকসকলক ভাৰতলৈ অহাৰ অনুমতিও এতিয়াৰে পৰা বাতিল কৰিছে। ছাৰ্ক ভিছাৰ অধীনত সম্প্ৰতি ভাৰতত থকা পাকিস্তানী নাগৰিকসকলক ৪৮ ঘণ্টাৰ ভিতৰত ভাৰত ত্যাগ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
ইপিনে, ভাৰতে পাকিস্তানৰ শীৰ্ষ কূটনীতিবিদ ছাদ আহমেদ ৱাৰীচক তলব কৰি পাকিস্তান সেনাৰ কূটনীতিবিদসকলক ভাৰত এৰি যাবলৈ নিৰ্দেশ দিছে। কূটনীতিবিদগৰাকীক যোৱানিশা চমন জাৰি কৰি এই সন্দৰ্ভত অৱগত কৰোৱা হয় বুলি চৰকাৰী সূত্ৰত প্ৰকাশ পাইছে। পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে গ্ৰহণ কৰা কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ পাছতে এই পদক্ষেপ লোৱা হৈছে।