পাকিস্তানে একেটা পৰিয়ালৰ চাৰিজন সদস্যক বলপূৰ্বকভাৱে নিৰুদ্দেশ কৰাৰ বিৰুদ্ধে কালি বেলুচিস্তানৰ কেচ্ জিলাত কেইবাটাও বেলুচ পৰিয়ালে প্ৰতিবাদ সাব্যস্ত কৰে। মানৱ অধিকাৰ সংস্থা বেল’চ ইয়াকজেহতি কমিটীৰ মতে, ভুক্তভোগী দুগৰাকী মহিলা আৰু দুজন পুৰুষক পাকিস্তানী সংস্থাই বলপূৰ্বকভাৱে নিৰুদ্দেশ কৰিছে। কেচ্চৰ- তেজবান গাঁৱৰ ৰাজপথত আপোনজনক নিৰাপদে ঘূৰাই অনাৰ দাবীত তেওঁলোকৰ পৰিয়ালে ৰাজপথলৈ ওলাই অহা বুলি সংস্থাটোৱে উল্লেখ কৰিছে। তেওঁলোকৰ শান্তিপূর্ণ প্রতিবাদক আওকাণ কৰা হৈছে আৰু নিৰুদ্দেশ হোৱা পৰিয়ালৰ সদস্যকেইজনক ক’ত ৰখা হৈছে সেই সম্পর্কে কোনো স্পষ্ট তথ্য দিয়া হোৱা নাই। চাৰিওজন নিৰাপদে উদ্ধাৰ নোহোৱালৈকে প্ৰতিবাদৰ অন্ত নপৰে বুলি পৰিয়ালকেইটাই দৃঢ় স্থিতি প্ৰকাশ কৰিছে। তেওঁলোকে তেজবান আৰু ওচৰৰ অঞ্চলৰ জনসাধাৰণক তেওঁলোকক সঙ্গ দিবলৈ আহ্বান জনাইছে।
ইপিনে, এই নিৰুদ্দিষ্ট হোৱাৰ ঘটনাক গৰিহণা দি বেল’চ ইয়াক জেহতি কমিটীয়ে ক্ষতিগ্রস্ত পৰিয়ালসমূহৰ সৈতে সহমর্মিতা প্রকাশ কৰাৰ লগতে বেল’চ মহিলাসকলৰ ক্ৰমবৰ্ধমান নিৰুদ্দিষ্ট হোৱাৰ উদ্বেগজনক দিশটোত গুৰুত্ব আৰোপ কৰি ৫ দিনীয়া অভিযানো আৰম্ভ কৰিছে।
বেলুচিস্তানত ক্রমবর্ধমান অত্যাচাৰৰ ওপৰত আলোকপাত কৰি বেলুচ মহিলা মঞ্চই অভিমত ব্যক্ত কৰিছে যে, বিগত কেইমাহমানৰ পৰা পাকিস্তানে বেলুচ মহিলাৰ অপহৰণক স্বাভাৱিক ঘটনাৰ ৰূপ দিয়াৰ প্ৰয়াস অব্যহত ৰাখিছে, যিটো তেওঁলোকৰ আৱেগক আঘাত কৰাৰ ইচ্ছাকৃত প্রচেষ্টা । মঞ্চই জৰুৰী আৰু মানৱীয় ভিত্তিত বেল’চ মহিলাসকলৰ বিৰুদ্ধে চলা এই উৎপীড়নৰ বিষয়ত তাৎক্ষণিক আন্তঃৰাষ্ট্ৰীয় হস্তক্ষেপৰ আহ্বান জনাইছে।
Site Admin | December 24, 2025 11:03 AM | Baluch Protest
পাকিস্তানত থকা বেলুচিস্তানৰ কেচ্ জিলাত কেইবাটাও বেলুচ পৰিয়ালৰ প্ৰতিবাদ সাব্যস্ত