প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পাইলট লাইনৰ মেড ইন ইণ্ডিয়া ছিপছৰ প্ৰথমটো ছেট উপহাৰ দিয়াৰ লগে লগে অৰ্ধ পৰিবাহী খণ্ডত ভাৰতৰ যাত্ৰা ঐতিহাসিক মাইলৰ খুঁটিত উপনীত হয়। নতুন দিল্লীত কালি ছেমিকন ইণ্ডিয়া ২০২৫ৰ প্ৰথম দিনটোত ইলেকট্রনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্রী অশ্বিনী বৈষ্ণৱে প্ৰধানমন্ত্ৰীগৰাকীক এই উপহাৰ প্ৰদান কৰে। অনুষ্ঠানত শ্রীবৈষ্ণৱে কয়, যে অৰ্ধ পৰিবাহী খণ্ডত ভাৰতৰ অভিযান বৌদ্ধিক সম্পত্তি অধিকাৰক সন্মান জনোৱা, যোগান শৃংখলৰ উন্নয়নক সমৰ্থন কৰা আৰু গোলকীয় অংশীদাৰসকলৰ সৈতে সহ উন্নয়নৰ আদৰ্শক প্ৰসাৰ কৰা ধাৰণাৰ ওপৰত প্ৰতিষ্ঠিত। সমগ্ৰ বিশ্বত ভাৰত সদায় অংশীদাৰ হিচাপে আগবাঢ়ি গৈছে আৰু পাৰস্পৰিক বৃদ্ধিৰ লগতে সহযোগিতাৰে জয়লাভ কৰাৰ পোষকতা কৰি আহিছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ছেমিক ইণ্ডিয়া ২০২৫৩ ১২ খন বুজাবুজিৰ পত্ৰ ঘোষণা কৰা হয়। উদ্ভাৱনক আৰু অধিক শক্তিশালী কৰিবলৈ শ্ৰীবৈষ্ণৱে দীপ টেক এলায়েন্স নামৰ নতুন পদক্ষেপ গ্ৰহণ কৰাৰ বিষয়েও উল্লেখ কৰে। এই পদক্ষেপে প্ৰথম অৱস্থাত অৰ্ধ পৰিবাহী খণ্ডত ভাৰতৰ যাত্ৰাৰ লগতে জৈৱ প্ৰযুক্তি, সীমান্ত খণ্ড, কোৱান্টাম প্রযুক্তি আৰু মহাকাশ খণ্ডৰ ওপৰতো গুৰুত্ব আৰোপ কৰিব।
Site Admin | September 3, 2025 12:20 PM | Indian Chips Launch | ঘল্গোল
পাইলট লাইনৰ মেড ইন ইণ্ডিয়া ছিপছৰ প্ৰথমটো ছেট প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উপহাৰ
