ডাউনলোড
মোবাইল এপ

android apple
signal

পাইকান সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিত লোকৰ মাজত হোৱা সংঘৰ্ষত এজন লোকৰ মৃত্যু হোৱাৰ লগতে আন ২৪জন লোক আহত

গোৱালপাৰা জিলাৰ কৃষ্ণাই থানাৰ অন্তৰ্গত বেতবাৰীত আৰক্ষী, বনৰক্ষী আৰু পাইকান সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিত লোকৰ মাজত লগা সংঘৰ্ষত এজন লোকৰ মৃত্যু হোৱাৰ লগতে আন ২৪জন লোক আহত হয়। জিলা আয়ুক্ত প্রদীপ টিমুঙে আমাৰ সংবাদদাতাৰ আগত প্ৰকাশ কৰা মতে পাইকানৰ উচ্ছেদিত এলেকালৈ যোৱা এটা পথ বন বিভাগৰ লোকে আৰক্ষীৰ সহযোগত খান্দি দিয়াৰ সময়তে উচ্ছেদিত লোকসকলে বাধা দিয়াৰ লগতে শিলগুটি, লাঠি আদিৰে আক্ৰমণ কৰে। পৰিস্থিতি নিয়ন্ত্ৰণ আৰু আত্মৰক্ষাৰ বাবে আৰক্ষী আৰু বনৰক্ষীয়ে গুলীচালনা কৰিবলগীয়া হয়। ইয়াৰ ফলত দুজন লোক আহত হয়। আহত ছাকুৱাৰ হুছেইন নামৰ যুৱকজনক গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও তেওঁৰ মৃত্যু হয়। গুৰুতৰভাৱে আহত আন এজন যুৱকক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। ইপিনে, এই ঘটনাত উত্তেজিত হৈ পৰা ৰাইজৰ আক্ৰমণত ১৪জন আৰক্ষীৰ লোক আৰু ৯জন বনৰক্ষী আহত হয়। আহতসকলৰ কেইবাগৰাকীও গোৱালপাৰাৰ নিধানুৰাম ৰাজবংশী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ঘটনাৰ কিছু সময় পাছতে উত্তেজিত ৰাইজে আশুডুবি মধ্য ইংৰাজী বিদ্যালয়ত অগ্নিসংযোগ কৰে যদিও অগ্নিনির্বাপক বাহিনীয়ে জুই নির্বাপন কৰে। এই ঘটনাত জড়িত পাঁচজন লোকক আটক কৰা হৈছে। ঘটনাস্থলীত জিলাখনৰ আয়ুক্ত প্ৰদীপ টিমুং, অসম আৰক্ষীৰ আইন-শৃংখলা শাখাৰ মহাপৰিদৰ্শক অখিলেশ কুমাৰ সিঙৰ লগতে কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। এই ঘটনাৰ পৰিপ্ৰেক্ষিতত পাইকান সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিত এলেকাত সাধাৰণ লোকৰ প্রবেশ নিষিদ্ধ কৰা হৈছে। কোনো লোক এই এলেকাত প্ৰৱেশ কৰিলে গ্রেপ্তাৰ কৰাৰ নিৰ্দেশ দিয়া হৈছে বুলি জিলাখনৰ আয়ুক্তই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে৷

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।