ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 24, 2024 11:48 AM | Nirmala Sitharaman Visit

printer

পাঁচদিনীয়া ভ্রমণসূচীৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ উজবেকিস্তানলৈ ৰাওনা

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি পাঁচদিনীয়া ভ্রমণসূচীৰে উজবেকিস্তানলৈ ৰাওনা হ’ব। ভ্ৰমণৰ সময়চোৱাত বিত্তমন্ত্ৰীগৰাকীয়ে কাইলৈ আৰু বৃহস্পতিবাৰে চমৰকণ্ডত হ’বলগীয়া এছিয়ান ইনফ্ৰাষ্ট্ৰাকচাৰ ইনভেষ্টমেণ্ট বেংক-এ আই আই বিৰ পৰিচালকমণ্ডলীৰ নৱমখন বার্ষিক বৈঠকত অংশগ্ৰহণ কৰিব। তেওঁ উভয় দেশৰ দ্বিপাক্ষিক বিনিয়োগ চুক্তিতো স্বাক্ষৰ কৰিব। ভ্ৰমণকালত বিত্তমন্ত্ৰীগৰাকীয়ে উজবেকিস্তান, কাটাৰ আৰু চীনৰ বিত্তমন্ত্ৰী তথা এ আই আই বিৰ অধ্যক্ষৰ সৈতে গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক বৈঠকত ভাগ ল’ব। শ্রীমতী সীতাৰমণে উজবেকিস্তানৰ ৰাষ্ট্ৰপতি শ্বাভকত মির্জিঅ’য়েভকো সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰি শ্ৰীমতী সীতাৰমণে চমৰকন্দ ৰাজ্যিক বিশ্ববিদ্যালয় আৰু তাছখণ্ডৰ লাল বাহাদুৰ শাস্ত্ৰী কীৰ্তিচিহ্ন পৰিদৰ্শন কৰিব। তেওঁ একাধিক খণ্ডৰ আগশাৰীৰ ভাৰতীয় মূলৰ লোকৰ সৈতেও মত বিনিময় কৰিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।