ভাৰতীয় মহিলা ক্রিকেট দলে যোৱা নিশা নটিংহামৰ ট্ৰেণ্ট ব্ৰিজত অনুষ্ঠিত পাঁচখনীয়া টি-২০ শৃংখলাৰ প্ৰথমখন খেলত ঘৰুৱা দল ইংলেণ্ডক ৯৭ ৰানত পৰাস্ত কৰে। ভাৰতে খেলখনত প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৫ টা উইকেট হেৰুৱাই ২১০ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ স্মৃতি মান্ধানাই ৬২টা বলত ১১২ ৰান কৰে। আন্তঃৰাষ্ট্ৰীয় টি-২০ ক্রিকেটত এয়া মান্ধানাৰ প্ৰথমটো শতক। হৰলিন দেঅ’লে ৪৩ ৰানৰ বৰঙণি আগবঢ়ায়। প্ৰত্যুত্তৰত ইংলেণ্ডে ১৪ অভাৰ আৰু ৫টা বলত আটাইকেইটা উইকেট হেৰুৱাই ১১৩ ৰানহে সংগ্রহ কৰিবলৈ সমৰ্থ হয়। ইংলেণ্ডৰ হৈ নেট ছাইবাৰ ব্ৰণ্টে ৪২টা বলত ৬৬ ৰান কৰে। ভাৰত শ্ৰী চৰনীয়ে ৪টা উইকেট দখল কৰে। স্মৃতি মান্ধানাক প্লেয়াৰ অব দ্যা মেচ হিচাপে ঘোষণা কৰা হয়।
Site Admin | June 29, 2025 11:47 AM | Indian Women Cricket Team
পাঁচখনীয়া টি-২০ শৃংখলাৰ প্ৰথমখন খেলত ভাৰতীয় মহিলা ক্রিকেট দলৰ ইংলেণ্ডক ৯৭ ৰানত পৰাস্ত
