ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

পহিলা বহাগৰ দিনটো ৬৫ বছৰৰ উৰ্ধৰ জাতীয় জীৱনৰ লগত সংপৃক্ত ব্যক্তিসকলৰ ঘৰলৈ গৈ বিহুৰ শুভেচ্ছা আৰু সন্মান জনাবলৈ জিলা আৰু শাখা সাহিত্য সভাক আহ্বান অসম সাহিত্য সভাৰ

অসম সাহিত্য সভাই প্ৰতিবছৰে পহিলা ব’হাগৰ দিনটো নিজৰ দিন হিচাপে পালন কৰি আহিছে। সেই অনুসৰি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিত বৰাই সমূহ জিলা আৰু শাখা সাহিত্য সভালৈ আজি পত্ৰ প্ৰেৰণ কৰি পহিলা বহাগৰ দিনটো ৬৫ বছৰৰ উৰ্ধৰ জাতীয় জীৱনৰ লগত সংপৃক্ত ব্যক্তিসকলৰ ঘৰলৈ গৈ বিহুৰ শুভেচ্ছা আৰু সন্মান জনাবলৈ আহ্বান জনাইছে। উল্লেখযোগ্য যে অসম সাহিত্য সভাই প্ৰতিবছৰে পালন কৰি অহা নিজৰ দিন অনুষ্ঠানটিৰ জৰিয়তে অসমীয়া কৃষ্টি, সংস্কৃতিৰ বিকাশ আৰু জাতীয় জীৱনলৈ অৱদান আগবঢ়োৱা ব্যক্তিসকলক সন্মানিত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।