ডাউনলোড
মোবাইল এপ

android apple
signal

পহলগাম আক্ৰমণৰ ঘটনাক প্ৰত্যাহ্বানৰূপে গ্ৰহণ কৰি জনসাধাৰণক এক হৈ থকাৰ বাবে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ আহ্বান

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে পহলগাম আক্ৰমণৰ ঘটনাক প্ৰত্যাহ্বানৰূপে গ্ৰহণ কৰি জনসাধাৰণক এক হৈ থকাৰ বাবে আহ্বান জনাইছে। তেওঁ কয়, যে ৰাষ্ট্ৰৰ স্বাৰ্থ সকলো স্বাৰ্থতকৈ উর্ধত। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত চুন’তিয়া মুঝে পছন্দ হে শীৰ্ষক গ্ৰন্থ উন্মোচন কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে বিশ্বত ভাৰতৰ প্রভাৱ বৃদ্ধি হৈছে বুলি উল্লেখ কৰে। এই গ্ৰন্থখন ৰাজ্যপাল আনন্দিবেন পেটেলৰ অনুপ্ৰেৰণাময় যাত্ৰাৰ আধাৰত ৰচনা কৰা হৈছে। গ্রন্থ উন্মোচনী অনুষ্ঠানত উপ-ৰাষ্ট্রপতি শ্রী ধনখড়ে উত্তৰ-প্ৰদেশ চৰকাৰৰ অৰ্থনৈতিক বৃদ্ধিৰ প্ৰশংসা কৰে। এই অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্রী যোগী আদিত্যনাথে কয়, যে গ্ৰন্থখনে যুৱ প্ৰজন্মক প্ৰেৰণা দিব। গ্ৰন্থখনত ৰাজ্যপাল আনন্দিবেন পেটেলৰ শিক্ষক, মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী হিচাপে পালন কৰা বৰ্ণিল জীৱন যাত্রাক প্রতিফলিত কৰিছে।

অধিক পঢ়ক

সকলো চাওক