বিজেপিয়ে আজি তামিলনাডুৰ ডি এম কে চৰকাৰে পশ্চিম বংগৰ তথ্যপ্রযুক্তি বিভাগৰ মুৰব্বী তথা সহকাৰী ভাৰপ্ৰাপ্ত বিষয়া অমিত মালভিয়াৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰ বাতিল কৰাৰ বাবে মাদ্ৰাছ উচ্চ ন্যায়ালয়ক প্ৰশংসা কৰে। বিজেপিৰ মুখপাত্র শ্বেহজাদ পুনাৱালাই আজি নতুন দিল্লীত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত কয় যে প্ৰতিশোধৰ মানসিকতাৰে শ্ৰীমালভিয়াৰ বিৰুদ্ধে এই এজাহাৰ দাখিল কৰা হৈছিল। শ্রীপুনাৱালাই লগতে কয় যে এজাহাৰ বাতিল কৰাৰ সময়ত ন্যায়ালয়ে ডি এম কে চৰকাৰে মালভিয়াৰ বিৰুদ্ধে দিয়া এজাহাৰ সম্পূৰ্ণ আইনী প্ৰক্ৰিয়া অপব্যৱহাৰ। তেওঁ লগতে কয় যে শ্ৰীমালভিয়াৰ বিৰুদ্ধে ভুৱা অভিযোগ উত্থাপন কৰি ডি এম কে চৰকাৰে তেওঁক হাৰাশাস্তি কৰাৰ লগতে ৰাজনৈতিক প্রতিদ্বন্দ্বীৰ বিৰুদ্ধে ৰাজ্যিক সংস্থাসমূহৰ ব্যৱহাৰ কৰিছে ।
Site Admin | January 21, 2026 9:20 PM | Madras High Court
পশ্চিম বংগৰ তথ্যপ্রযুক্তি বিভাগৰ মুৰব্বী তথা সহকাৰী ভাৰপ্ৰাপ্ত বিষয়া অমিত মালভিয়াৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰ বাতিল কৰাৰ বাবে মাদ্ৰাছ উচ্চ ন্যায়ালয়ক বিজেপিৰ প্ৰশংসা