August 22, 2025 8:13 PM | PM in WB

printer

পশ্চিম বংগত ৫২০০ কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও প্ৰকল্পৰ আধাৰশিলা প্ৰধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি কলকাতা আৰু পশ্চিম বংগত ৫ হাজাৰ ২০০ কোটি টকা ব্যয়সাপেক্ষ বহুকেইটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। তেওঁ কয়, যে কলকাতা চহৰখনে ভাৰতৰ বুৰঞ্জী আৰু অনাগত ভৱিষ্যতৰ দিনবোৰত এক বিশেষ স্থান দখল কৰিছে। এখন গণসভাত ভাষণ দি তেওঁ কয়, যে ভাৰতে বর্তমান বিশ্বৰ ভিতৰতে তৃতীয় বৃহত্তম অর্থনীতি হিচাপে চিহ্নিত হ’বলৈ গৈ আছে আৰু দমদম তথা কলকাতাই ভাৰতৰ এই উন্নতিৰ যাত্ৰাত উল্লেখযোগ্য ভূমিকা পালন কৰিছে। তেওঁ উল্লেখ কৰে যে ২০১৪ বৰ্ষৰ পূৰ্বে ভাৰতত কেৱল ২৫০ কিলোমিটাৰ মেট্ৰ’ ৰে’লৰ পথৰ ব্যৱস্থা আছিল আৰু বৰ্তমান এই ৰে’লপথে এহেজাৰ কিলোমিটাৰতকৈও অধিক পথ অতিক্ৰম কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।