পশ্চিম কাৰ্বি আংলঙৰ শেহতীয়া বিক্ষিপ্ত ঘটনাত আৰক্ষীৰ গুলীত মৃত্যু হোৱা কাৰ্বি জনগোষ্ঠীৰ পৰিয়ালক ৰাজ্য চৰকাৰে ১০ লাখ টকাৰ ক্ষতিপূৰণ দিব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰিছে। ইয়াৰ লগতে ব্যক্তিগৰাকীৰ পৰিয়ালৰ এজন লোকক পৰিষদে চাকৰি দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা বুলিও প্ৰকাশ কৰা হৈছে। কালি সন্ধিয়া দিছপুৰত কাৰ্বি জনগোষ্ঠীৰ কেইবাটাও দল সংগঠনৰ প্ৰতিনিধিৰ সৈতে এখন বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, যে খেৰণিৰ উচ্ছেদ সন্দৰ্ভত ৰুজু হোৱা গোচৰ ন্যায়ালয়ৰ বিচাৰাধীন হৈ থকাৰ বাবে চৰকাৰে উচ্ছেদক লৈ কোনো সিদ্ধান্ত ল’ব পৰা নাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদে ৫ জানুৱাৰীৰ পূৰ্বে এই সন্দৰ্ভত আদালতত শপতনামা দাখিল কৰাৰ লগতে কাৰ্বি আংলঙৰ জনতাই এটা পক্ষ হৈ আদালতৰ সন্মুখত নিজৰ মন্তব্য প্ৰকাশ কৰিব। স্পৰ্শকাতৰ বিষয়টোৰ ৰায় শীঘ্ৰেই প্ৰদান কৰিবলৈ আদালতক চৰকাৰে আহ্বান জনাব বুলিও ড° শৰ্মাই উল্লেখ কৰে। কালিৰ এই বৈঠকখনত ৰাজহ মন্ত্ৰী কেশৱ মহন্ত, অসম আৰক্ষীৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়াৰ লগতে কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙেও অংশ লয়।
Site Admin | December 27, 2025 12:39 PM | Assam CM Decision
পশ্চিম কাৰ্বি আংলঙত আৰক্ষীৰ গুলীত মৃত্যু হোৱা কাৰ্বি জনগোষ্ঠীৰ পৰিয়ালক ৰাজ্য চৰকাৰৰ ১০ লাখ টকাৰ ক্ষতিপূৰণৰ সিদ্ধান্ত