পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিৰ পৰিস্থিতি ক্রমাৎ স্বাভাবিক হৈছে। আজিৰ দিনটোত অঞ্চলটোত কোনো ধৰণৰ অপ্রীতিকৰ ঘটনা সংঘটিত হোৱা নাই বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। অৱশ্যে অঞ্চলটোৰ প্ৰায় সংখ্যক ব্যৱসায়িক প্রতিষ্ঠান এতিয়াও বন্ধ হৈ আছে। সেনা-আৰক্ষীয়ে পৰিস্থিতি সুক্ষ্মভাবে নিৰীক্ষণ কৰি আছে। উল্লেখযোগ্য যে কাইলৈ প্ৰতিবাদকাৰী, কাৰ্বি স্বায়ত্তশাসিত পৰিষদ আৰু ৰাজ্য চৰকাৰৰ মাজত ত্রিপাক্ষিক আলোচনা হোৱাৰ কথা আছে। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে খেৰণি ফেলাংপিত আমৰণ অনশন কৰি থকা কাৰ্বি সম্প্রদায়ৰ সদস্যসকলক সাক্ষাৎ কৰাৰ পাছত প্রতিবাদকাৰীসকলে অনশন কার্যসূচী প্রত্যাহাৰ কৰিবলৈ আৰু ত্ৰিপাক্ষিক আলোচনাৰ বাবে সন্মতি প্রকাশ কৰে।
কাৰ্বি আংলঙৰ ঘটনা সন্দৰ্ভত অসম ভোজপুৰী সন্মিলনে চৰকাৰক শীঘ্ৰেই অঞ্চলটোত শান্তি শৃংখলা বৰ্তাই ৰাখিবলৈ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়। হোজাই জিলাৰ লংকাত আয়োজিত এখন সংবাদমেলযোগে অসম ভোজপুৰী সন্মিলনে এই কথা প্রকাশ কৰে।