পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিৰ পৰিস্থিতি নিয়ন্ত্ৰণ

পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিৰ পৰিস্থিতি কালিৰে পৰা নিয়ন্ত্ৰণত আছে। কাইলৈ প্ৰতিবাদকাৰী, কাৰ্বি স্বায়ত্তশাসিত পৰিষদ আৰু ৰাজ্য চৰকাৰৰ মাজত ত্রিপাক্ষিক আলোচনা হোৱাৰ কথা আছে। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে খেৰণি ফেংলাপিত আমৰণ অনশন কৰি থকা কাৰ্বি সম্প্ৰদায়ৰ সদস্যসকলক সাক্ষাৎ কৰাৰ পাছত প্ৰতিবাদকাৰীসকলে অনশন কাৰ্যসূচী প্ৰত্যাহাৰ কৰিবলৈ আৰু ত্ৰিপাক্ষিক আলোচনাৰ বাবে সন্মতি প্ৰকাশ কৰে। কাৰ্বি আংলঙৰ হিংসাত্মক ঘটনাত প্রাণহানি হোৱা লোক দুজনৰ পৰিয়াললৈ কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে সমবেদনা প্রকাশ কৰাৰ লগতে ভুক্তভোগীৰ পৰিয়াললৈ ৫ লাখ টকাকৈ সাহায্য আগবঢ়ায়। তেওঁ কয়, যে কোনো ক্ষতিপূৰণে কেতিয়াও মানুহৰ জীৱনৰ ঠাই ল’ব নোৱাৰে। এই কঠিন পৰিস্থিতিত সমাজৰ সকলো শ্ৰেণীৰ লোককে শান্তি আৰু সংযম বৰ্তাই ৰাখিবলৈ আহ্বান জনায়।
আৰক্ষী সঞ্চালকপ্ৰধান হৰমিত সিঙে কাৰ্বি আংলঙত বাহৰ পাতি আইন শৃংখলা পৰিস্থিতিৰ ওপৰত চোকা দৃষ্টি ৰাখিছে। ইপিনে পশ্চিম কাৰ্বি আংলং জিলাৰ আয়ুক্ত সাৰংগপাণি শৰ্মাই কালি হোজাই আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ সীমামূৰীয়া ফৰেষ্ট গেট অঞ্চল পৰিদৰ্শন কৰে। আয়ুক্তগৰাকীয়ে হোজাইৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু লামডিং সমজিলাৰ আৰক্ষীৰ সৈতে অঞ্চলটোৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত বুজ লয়। খেৰণিৰ হিংসাত্মক ঘটনাক লৈ উদ্বিগ্নতা প্রকাশ কৰি সদৌ অসম ছাত্র সন্থাই মুখ্যমন্ত্রীলৈ এখন জৰুৰী দাবী পত্ৰ প্ৰেৰণ কৰে। ইপিনে নিখিল বড়ো ছাত্র সন্থাই কার্বি আংলঙৰ আইন শৃংখলাৰ পৰিস্থিতিক লৈ গভীৰ উদ্বেগ প্রকাশ কৰে। সদৌ অসম মেচ-কছাৰী ছান্ত সন্থায়েও এই হিংসাত্মক ঘটনাক তীব্ৰ গৰিহণা দিছে।