December 24, 2025 7:58 PM | DGP Harmeet Singh

printer

পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিৰ পৰিস্থিতি বর্তমান নিয়ন্ত্ৰণত

পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিৰ পৰিস্থিতি বর্তমান নিয়ন্ত্ৰণত আছে। আৰক্ষী সঞ্চালকপ্ৰধান হৰমিত সিঙে কাৰ্বি আংলঙত বাহৰ পাতি আইন শৃংখলা পৰিস্থিতিৰ ওপৰত চোকা দৃষ্টি ৰাখিছে। বিগত দুদিনত অঞ্চলটোত সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত শ্রীসিঙে কয়, যে এনেধৰণৰ অপ্রীতিকৰ ঘটনাৰ পৰা কোনো সমস্যাৰ সমাধান নোলায়। তেওঁ জিলাখনৰ যুৱ প্ৰজন্মৰ লগতে অন্য প্ৰতিবাদকাৰীসকলক বিপথে পৰিচালিত নকৰিবলৈ অভিভাৱক সমাজৰ প্ৰতি আহ্বান জনায়।
পশ্চিম কাৰ্বি আংলং জিলাৰ আয়ুক্ত সাৰংগপাণি শৰ্মাই হোজাই আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ সীমামূৰীয়া ফৰেষ্ট গে’ট অঞ্চল পৰিদৰ্শন কৰে। আয়ুক্তগৰাকীয়ে হোজাইৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু লামডিং সমজিলাৰ আৰক্ষীৰ সৈতে অঞ্চলটোৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত বুজ লয়। পৰিদৰ্শনৰ অন্তত জিলা আয়ুক্তগৰাকীয়ে বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণত আছে বুলি প্ৰকাশ কৰে।
খেৰণিৰ হিংসাত্মক ঘটনাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰি সদৌ অসম ছাত্ৰ সন্থাই মুখ্যমন্ত্ৰীলৈ এখন জৰুৰী দাবী পত্ৰ প্ৰেৰণ কৰা বুলি ছাত্ৰ সংগঠনটোৰ সভাপতি উৎপল শৰ্মাই প্ৰকাশ কৰিছে। সভাপতিগৰাকীয়ে কয়, যে পশ্চিম কাৰ্বি আংলং জিলাত শান্তি শৃংখলা ঘূৰাই আনিবলৈ তাত থকা কাৰ্বি জনগোষ্ঠীকে ধৰি খিলঞ্জীয়া লোকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ এই জৰুৰী পত্রযোগে দাবী জনায়। একেদৰে নিখিল বড়ো ছাত্ৰ সন্থাই কাৰ্বি আংলঙৰ আইন শৃংখলাৰ পৰিস্থিতিক লৈ গভীৰ উদ্বেগ প্রকাশ কৰে।
ইপিনে, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই এই পৰিস্থিতিৰ ওপৰত চোকা দৃষ্টি ৰাখি আছে বুলি উল্লেখ কৰাৰ লগতে কাৰ্বিৰ এটা সদস্যগোটে উচ্ছেদৰ দাবীত কৰা আমৰণ অনশন সন্দৰ্ভত বিষয়টো উচ্চ ন্যায়ালয়ৰ বিচাৰাধীন হৈ থকা বাবে চৰকাৰে কোনো ব্যৱস্থা ল’ব পৰা নাই বুলি প্ৰকাশ কৰে
উল্লেখযোগ্য যে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি খেৰণি ফেংলাপিত আমৰণ অনশন কৰি থকা কাৰ্বি সম্প্ৰদায়ৰ সদস্যসকলক সাক্ষাৎ কৰাৰ পাছত প্ৰতিবাদকাৰীসকলে অনশন কাৰ্যসূচী প্ৰত্যাহাৰ কৰিবলৈ আৰু ত্রিপাক্ষিক আলোচনাৰ বাবে সন্মতি প্ৰকাশ কৰে। ২৬ ডিচেম্বৰত প্ৰতিবাদকাৰী, কাৰ্বি স্বায়ত্তশাসিত পৰিষদ আৰু ৰাজ্য চৰকাৰৰ মাজত ত্রিপাক্ষিক আলোচনা হোৱাৰ কথা আছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।