পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিৰ পৰিস্থিতি আজি অধিক অৱনতি ঘটে। আৰক্ষীৰ গুলীচালনাত আজি আহত এজন লোকৰ বিয়লি চিকিৎসালয়ত মৃত্যু ঘটে। আমাৰ পশ্চিম কাৰ্বি আংলং জিলাৰ সংবাদদাতাই জনোৱা মতে, খেৰণিৰ সমীপৰ থেলাংপিত আজি আন্দোলনকাৰী পক্ষৰ যথেষ্ট সংখ্যক লোক সমবেত হয় আৰু তেওঁলোকে ডংকামোকামলৈ বুলি শোভাযাত্ৰা উলিয়াই কপিলী দলঙৰ ওচৰ পায়। আৰক্ষীয়ে শোভাযাত্ৰাকাৰীসকলক খেদি পঠিয়াবলৈ চেষ্টা চলায়। আনহাতে, কপিলী দলঙৰ আনটো পাৰত আন্দোলন বিৰোধী পক্ষৰ একাংশ লোকে অৱস্থান কৰি থাকে। আৰক্ষীয়ে এই দলটোক তাৰ পৰা আঁতৰাই পঠিয়ায় যদিও আন্দোলনকাৰী পক্ষই আৰক্ষীৰ বাধা নিষেধ নেওচি বাৰে বাৰে সমবেত হয়। প্ৰতিবাদকাৰীৰ একাংশই আৰক্ষীলৈ শিলগুটি দলিয়াই আৰু লাঠি আৰু অন্য অস্ত্ৰৰে আক্রমণ চলায়। এই আক্রমণত শীৰ্ষ আৰক্ষী বিষয়াকে ধৰি কেইবাগৰাকীও আৰক্ষীৰ লোক আহত হয়। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে প্ৰথমে লাঠি চালনা আৰু পাছত গুলিচালনা কৰিবলগীয়া হয়। ইয়াৰ ফলত চিংথি টিমুং নামৰ এজন লোক আহত হয় আৰু পাছত তেওঁৰ হাস্পতালত মৃত্যু হয়। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাজ্যৰ প্ৰশাসনে পশ্চিম কাৰ্বি আংলং আৰু কাৰ্বি আংলং দুয়োখন জিলাতে মোবাইল ইণ্টাৰনেট সেৱা আজি আবেলিৰ পৰা অনির্দিষ্ট কাললৈ বন্ধ কৰিছে। চৰকাৰী সূত্ৰই দিশপুৰত প্ৰকাশ কৰা অনুসৰি এই সময়ছোৱাত অৱশ্যে ভইছ টেলিফোন সেৱা আৰু ব্ৰডবেণ্ড ইণ্টাৰনেট সেৱা অব্যাহত থাকিব । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী সঞ্চালক প্ৰধান হৰমীত সিং, অতিৰিক্ত আৰক্ষী সঞ্চালক প্রধান অখিলেশ কুমাৰ সিং, আৰক্ষী মহা পৰিদৰ্শক শিৱ প্ৰসাদ গাঞ্জালাই ডংকামোকামত বাহৰ পাতি আছে আৰু পৰিস্থিতি সম্পৰ্কত মুখ্যমন্ত্ৰীক অৱগত কৰাইছে।
আনহাতে, মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী ডাঃ ৰণোজ পেগুয়েও বর্তমান ডংকামোকামত বাহৰ পাতি আছে আৰু পৰিস্থিতি উপশমৰ বাবে বিভিন্ন পক্ষৰ সৈতে আলোচনা চলাই আছে।