পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামোকামৰ পৰিস্থিতি আজিও উত্তেজনাপূৰ্ণ হৈ আছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে পশ্চিম কাৰ্বি আংলং আৰু কাৰ্বি আংলং দুয়োখন জিলাতে ভাৰতীয় ন্যায় সংহিতাৰ ১৬৩ ধাৰাৰ অধীনত ৫ জনতকৈ অধিক লোকৰ সমাবেশ নিষিদ্ধ কৰা সত্বেও আজি ডংকামোকামৰ বিভিন্ন অঞ্চলত প্ৰতিবাদকাৰীসকল ৰাজপথলৈ ওলাই আহি আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হোৱাত পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ পৰে। উত্তেজিত জনতাক ছত্রভংগ দিয়াবলৈ আজিও আৰক্ষীয়ে গুলীচালনা কৰাত এজন প্ৰতিবাদকাৰী আহত হয়। প্ৰতিবাদকাৰীৰ আক্ৰমণত কেইবাজনো আৰক্ষীৰ লোক আহত হোৱাৰ বাতৰি আহিছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ডংকামোকামত উপস্থিত হোৱা আৰক্ষী সঞ্চালক প্রধান হৰমিত সিং আৰু আইন শৃংখলা শাখাৰ আৰক্ষী মহা পৰিদৰ্শক শিৱ প্ৰসাদ গাঞ্জালাই পৰিস্থিতিৰ ওপৰত অহৰহ দৃষ্টি ৰাখিছে।
আনহাতে, মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী ডা০ ৰণোজ পেগুও বর্তমান ডংকামোকামত বাহৰ পাতি আছে আৰু পৰিস্থিতি সম্পর্কে মুখ্যমন্ত্ৰীক অৱগত কৰাই আছে। পশ্চিম কাৰ্বি আংলঙলৈ নিৰাপত্তা বাহিনীৰ অতিৰিক্ত দলো প্ৰেৰণ কৰা হৈছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে ষষ্ঠ অনুসূচীৰ অন্তৰ্গত কাৰ্বি আংলং জিলাৰ পি জি আৰ আৰু ভি জি আৰ ভূমিৰ পৰা দখলকাৰীক উচ্ছেদৰ দাবীত কাৰ্বি ছাত্ৰ সন্থা আৰু জাতীয় সংগঠনসমূহে যোৱা ১৫ দিন ধৰি আন্দোলন চলাই আহিছে। কালি আন্দোলনকাৰীক আৰক্ষীয়ে খেদি পঠিয়াবলৈ চেষ্টা কৰা অৱস্থাত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাত আৰক্ষীয়ে গুলীচালনা কৰিবলগীয়া হয় আৰু ৩ জন প্ৰতিবাদকাৰী গুলীবিদ্ধ হয়।