পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামোকামত আজি সংঘটিত হিংসাত্মক ঘটনা নিশাৰ ভাগলৈও অব্যাহত আছে। প্ৰতিবাদকাৰীসকলে বিভিন্ন স্থানত দোকান-পোহাৰ জ্বলাই চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি আজি নিশাৰ ভিতৰতে বিষয়টো সমাধানৰ চেষ্টা কৰা হ’ব। পৰিস্থিতি নিৰীক্ষণৰ বাবে ঘটনাস্থলীলৈ মন্ত্ৰী ডাঃ ৰণোজ পেগু ৰাওনা হোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এটা উৰা বাতৰিক কেন্দ্ৰ কৰি স্থানীয় লোকসকল উত্তেজিত হৈ পৰিছিল ৷ উল্লেখযোগ্য যে পি জি আৰ আৰু ভি জি আৰ ভূমিৰ পৰা অবৈধ দখলকাৰীক উচ্ছেদৰ দাবীত কাৰ্বি ছাত্ৰ সন্থাকে ধৰি কেইবাটাও কাৰ্বি জাতীয় সংগঠনে আমৰণ অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছিল। ইয়াৰ কেইজনমান প্ৰতিবাদকাৰী অনশনস্থলীত অসুস্থ হৈ পৰাত আৰক্ষীয়ে তেওঁলোকক জি এম চি এইচলৈ প্ৰেৰণ কৰে। অসুস্থ লোককেইগৰাকীক চিকিৎসালয়ে প্ৰেৰণ কৰা খবৰটো আৰক্ষীয়ে তেওঁলোকক আটক কৰা বুলি প্ৰচাৰ হয়।
ইয়াৰ পিছতে এই প্রতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰে।একাংশ প্রতিবাকাৰীয়ে কাৰ্বি আলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ বাসগৃহত অগ্নিসংযোগ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে দখলদাৰী লোকসকলক উচ্ছেদ কৰাৰ ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে বাধা আৰোপ কৰি থৈছে। সেয়ে ন্যায়ালয়ৰ ৰায়দানৰ বিৰুদ্ধে গৈ উচ্ছেদ কৰাটো চৰকাৰৰ বাবে সম্ভৱ নহয়। এই সন্দৰ্ভত শীঘ্ৰে এক সমাধান সূত্ৰ ওলাব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে আন্দোলনকাৰীসকলৰ সৈতে তেওঁ নিজেও আলোচনাত মিলিত হ’ব। এই সন্দৰ্ভত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয় যে সকলো সমস্যা আলোচনাৰ মাধ্যমেৰে সমাধান কৰিব পাৰি। এই সমস্যাটো সন্দৰ্ভত আলোচনাৰ বাবে প্ৰতিবাদকাৰীসকলক আমন্ত্ৰণ জনোৱা হৈছিল।