মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি পশ্চিম কাৰ্বি আংলং জিলাৰ হামৰেণত ১০০খন বিচনাযুক্ত নতুন জিলা চিকিৎসালয় উদ্বোধন কৰে। পশ্চিম কাৰ্বি আংলঙত স্বাস্থ্য সেৱাৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ দিশত ৰূপান্তৰমুখী পদক্ষেপ হিচাপে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত প্ৰায় ৩০ কোটি টকা ব্যয়ৰে এই জিলা চিকিৎসালয়খন নিৰ্মাণ কৰা হৈছে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই উদ্বোধনী কাৰ্যসূচীৰ পাছত শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত পুস্পঞ্জলি অর্পণেৰে শ্ৰদ্ধা নিবেদন কৰাৰ লগতে চিকিৎসালয়খনৰ চৌহদত এটি গছপুলি ৰোপণ কৰে। ড০ শৰ্মাই সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত কয়, যে অতি দূৰণিবতিয়া অঞ্চলত স্থাপন হোৱা এই চিকিৎসালয়খনত ব্লাড বেংকৰ পৰা আৰম্ভ কৰি চিটিস্কেনলৈকে সকলো ব্যৱস্থা থাকিব । ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে আজি ৰংখাং বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ সদস্যাসকলক মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অধীনত আর্থিক সাহায্য বিতৰণ কৰে। এই উপলক্ষে ডংকামোকামৰ ৱাইছং ষ্টেডিয়ামত আয়োজিত এখন জনসভাত দুহেজাৰ ২০০ আত্মসহায়ক গোটৰ প্ৰায় ১৯ হাজাৰ গৰাকী হিতাধিকাৰীক ১০ হাজাৰ টকাকৈ চেক বিতৰণ কৰা হ’য়। মুখ্যমন্ত্ৰীয়ে ডংকামোকামৰ বন বিভাগৰ অতিথিশালাৰ প্ৰাংগণতে প্রধানমন্ত্রী মোদীৰ মন কি বাত শুনে।
Site Admin | September 28, 2025 8:40 PM | CM Assam inaugurating-the-100-bed-District-Hospital-at-Hamren
পশ্চিম কাৰ্বি আংলং জিলাৰ হামৰেণত ১০০খন বিচনাযুক্ত নতুন জিলা চিকিৎসালয়খন মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰে