পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিত সৃষ্টি হোৱা অপ্রীতিকৰ পৰিস্থিতি সন্দৰ্ভত অসম সাহিত্য সভাৰ উদ্বেগ প্রকাশ

অসম সাহিত্য সভাই পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিত সৃষ্টি হোৱা অপ্রীতিকৰ পৰিস্থিতি সন্দৰ্ভত উদ্বেগ প্রকাশ কৰিছে। অসম সাহিত্য সভাৰ গুৱাহাটীত থকা ভগৱতী প্ৰসাদ বৰুৱা ভৱনত আয়োজিত এখন সংবাদমেলত সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামীয়ে কয়, যে এই সংঘৰ্ষই ৰাজ্যৰ সামাজিক সম্প্ৰীতি আৰু ভাতত্ববোধত আঘাত হানিছে। সাহিত্য সভা খেৰণিৰ ঘটনাত ক্ষতিগ্ৰস্ত হোৱা কাৰ্বি সমাজৰ সৈতে থাকিব বুলি প্ৰকাশ কৰি শ্রীগোস্বামীয়ে কয় যে দুই এদিনৰ ভিতৰতে নিজাববীয়াকৈ পৰিস্থিতিৰ বুজ ল’বলৈ অসম সাহিত্য সভাৰ এটা প্ৰতিনিধি দল কাৰ্বি আংলংলৈ ৰাওনা হ’ব। লগতে পশ্চিম কাৰ্বি আংলং জিলাৰ প্ৰশাসনকো ঘটনাটোৰ সকলো দিশ সুক্ষ্মভাৱে বিচাৰ বিবেচনা কৰি ন্যায়সংগত ব্যৱস্থা লবলৈ আহ্বান জনায়। অসম সাহিত্য সভাই সকলো ৰাজনৈতিক দল, সামাজিক সংগঠন, বৌদ্ধিক সমাজ আৰু সাধাৰণ নাগৰিকক একেলগে আগবাঢ়ি আহি শান্তি স্থাপন কৰিবলৈ এই সংবাদমেলযোগে আহ্বান জনায়।