December 20, 2025 11:49 AM | PM WB Visit

printer

পশ্চিমবংগ ভ্ৰমণৰত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিমবংগ ভ্ৰমণ কৰি কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে নাদিয়া জিলাৰ ৰাণাঘাটত প্ৰায় ৩ হাজাৰ ২০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা দুটা ৰাষ্ট্ৰীয় ঘাইপথ প্রকল্প উদ্বোধন কৰিব। শ্রীমোদীয়ে এখন জনসভাতো অংশগ্রহণ কৰিব। প্রধানমন্ত্ৰীগৰাকীয়ে পশ্চিমবংগৰ নাদিয়া জিলাত ৬৬ দশমিক ৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৩৪ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বাৰাজাগুলি-কৃষ্ণ নগৰ খণ্ডৰ চাৰিলেনযুক্ত পথছোৱা উদ্বোধন কৰিব। তেওঁ লগতে উত্তৰ ২৪ পৰগানা জিলাৰ বাৰাছত-বাৰাজাগুলি সংযোগী ১৭ দশমিক ৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰিলেনযুক্ত পথছোৱাৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পই কলকাতা আৰু শিলিগুৰিৰ মাজৰ যাতায়াত ব্যৱস্থাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ইয়াৰ ফলত যাতায়াতৰ সময় প্রায় দুঘণ্টা হ্ৰাস পোৱাৰ লগতে দ্রুত আৰু মসৃণ যাত্ৰা সুনিশ্চিত কৰিব। তদুপৰি এই পথ প্রকল্পই এই খণ্ডত পৰ্যটনৰ বিকাশত অৰিহণা যোগাই অর্থনীতিক শক্তিশালী কৰাত বিশেষ ভূমিকা পালন কৰিব।