২০২৬ চনৰ পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত নির্বাচন আয়োগে ই ভি এম সমূহৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষণ প্ৰক্ৰিয়া শক্তিশালী কৰি তুলিছে। এই প্ৰথম পৰ্যায়ৰ পৰীক্ষণ প্ৰক্ৰিয়া নিৰীক্ষণৰ বাবে অন্য ৰাজ্যৰ ৫ জন নডেল বিষয়াক নিয়োগ কৰা হৈছে। অৰুণাচল প্ৰদেশৰ উপ-মুখ্য নির্বাচনী বিষয়া শ্বানিয়া কায়েম মিজে, মহাৰাষ্ট্ৰৰ উপ-মুখ্য নির্বাচনী বিষয়া য়োগেশ গোশ্বাৱী, মেঘালয়ৰ অতিৰিক্ত মুখ্য নির্বাচনী বিষয়া পি কে বড়ো, মিজোৰামৰ যুটীয়া মুখ্য নির্বাচনী বিষয়া ইথেল ৰ’থাংপুই আৰু নিৰ্বাচন আয়োগৰ অধীনৰ সচিব কনিষ্ক কুমাৰক ৰাজ্যখনৰ নডেল বিষয়া হিচাপে নিয়োগ কৰা হৈছে ।
Site Admin | December 15, 2025 11:36 AM | ECI WB
পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত নির্বাচন আয়োগৰ ইভিএমসমূহৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষণ