প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিমবংগৰ হুগলী জিলাৰ ছিংগুৰত এখন জনসভাত অংশগ্ৰহণ কৰি কয়, যে কেন্দ্ৰীয় চৰকাৰে পশ্চিমবঙ্গৰ যুৱচাম কৃষক তথা মহিলাসকলৰ প্ৰগতিৰ হকে অবিৰতভাৱে কাম কৰিছে। ৰাজ্যখনৰ সকলো প্ৰান্ততে জীৱিকাৰ সুবিধাসমূহ ত্বৰান্বিত কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে কেইবাখনো উন্নয়নমূলক আঁচনি মুকলি কৰা বুলি তেওঁ প্ৰকাশ কৰে। শ্ৰীমোদীয়ে ছিংগুৰত ৮৩০ কোটি টকাতকৈও অধিক ব্যয়সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে কিছুসংখ্যক প্রকল্প পতাকা জোকাৰি মুকলি কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে এখন উৰণ সেতু, আন্তঃৰাজ্যিক জল পৰিবহণ টার্মিনেলকে ধৰি বালাগড়ত সম্প্ৰসাৰিত প’ৰ্টগেট ব্যৱস্থাৰ আধাৰশিলাও স্থাপন কৰে। অনুষ্ঠানত সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, যে কেন্দ্ৰীয় চৰকাৰৰ এই প্ৰকল্পসমূহে ৰাজ্যখনৰ উন্নয়ন ত্বৰান্বিত কৰিব। তেওঁ কয়, যে পূব ভাৰতক এখন উন্নত অঞ্চললৈ পর্যবসিত কৰাৰ লক্ষ্যেৰে চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে। প্রায় ৯০০ একৰ ভূমি আৱৰি থকা বালাগড়ক বার্ষিক ২৭ লাখ টন সামর্থ্যসহ আধুনিক কাৰ্গ সৰবৰাহৰ টার্মিনেললৈ উন্নীত কৰা হৈছে। এই প্ৰকল্পৰ জৰিয়তে নগৰ অঞ্চলৰ পৰা গধুৰ ৰচদ-পাতিসমূহৰ সৰবৰাহৰ পৰিমাণ হ্রাস কৰি এই ক্ষেত্ৰত সুচলতা অনাৰ প্ৰয়াস কৰা হৈছে। ইয়াৰ জৰিয়তে ক’লকাতা মহানগৰৰ প্ৰদূষণৰ লগতে যান-জট হ্রাস পোৱাকে ধৰি পথ সুৰক্ষা তৃৰান্বিত হ’ব বুলি আশা কৰা হৈছে। তদুপৰি, এই উন্নত যোগাযোগ ব্যৱস্থাৰ জৰিয়তে আঞ্চলিক উদ্যোগ তথা কৃষি খণ্ড উপকৃত হ’ব। এই প্রকল্পই প্রত্যক্ষ তথা পৰোক্ষভাৱে নিয়োগৰ সুবিধাও সৃষ্টি কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয়, যে বিগত ১১ বছৰত ক’লকাতাৰ শ্যামা প্রসাদ মুখার্জী বন্দৰৰ সামর্থ্য বৃদ্ধি কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰচেষ্টা চলাই আছে। ৰাজ্যখনৰ জল পৰিবহণ খণ্ডৰ উন্নতিৰ বাবে কেন্দ্রই সকলো সমর্থন আগবঢ়োৱা বুলিও তেওঁ প্রকাশ কৰে। শ্রীমোদীয়ে ক’লকাতাত অত্যাধুনিক বৈদ্যুতিক জাহাজ এখনো মুকলি কৰে। উল্লেখযোগ্য যে, কোচিন চিপিয়ার্ড লিমিটেডে আন্তঃৰাজ্যিক জল পৰিবহণৰ অৰ্থে নিৰ্মাণ কৰা ৬ খন বৈদ্যুতিক কেটামাৰণৰ ভিতৰত এইখন অন্যতম।
প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ শাসনাধিষ্ঠিত চৰকাৰখনক সমালোচনা কৰি কয়, যে চৰকাৰখনে কেন্দ্রীয় আঁচনিসমূহৰ ৰূপায়ণত প্রতিবন্ধকতা আৰোপ কৰি স্থানীয় লোকসকলক উপকৃত হোৱাৰ পৰা বঞ্চিত কৰিছে। ৰাজনৈতিক শত্রুতাৰ পৰিধি নেওচি উন্নয়নমূলক কাম-কাজসমূহৰ ব্যাপ্তি হোৱা উচিত বুলি তেওঁ উল্লেখ কৰে।