ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

পশ্চিমবংগত বিৰোধী দলৰ নেতা সুভেন্দু অধিকাৰীক টি এম চিৰ কৰ্মীসকলে অন্যায়ভাৱে আক্ৰমণ কৰা কাৰ্য্যৰ গৰিহনা জে পি নাড্ডাৰ

কেন্দ্রীয় স্বাস্থ্যমন্ত্রী তথা বি জে পি নেতা জগৎ প্রকাশ নাড্ডাই আজি পশ্চিমবংগত বিৰোধী দলৰ নেতা সুভেন্দু অধিকাৰীক টি এম চিৰ কৰ্মীসকলে অন্যায়ভাৱে আক্ৰমণ কৰা কাৰ্য্যৰ গৰিহনা দিয়ে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রী নাড্ডাই কয় যে এই আক্ৰমণ হৈছে গণতন্ত্ৰৰ প্ৰতি কৰা আক্ৰমণ। তেওঁ লগতে কয় যে আৰক্ষীৰ উপস্থিতিত হোৱা এই আক্রমনে ৰাজ্যখনত মমতা বেনাৰ্জী নেতৃতাধীন চৰকাৰখনৰ আইন শৃংখলাৰ শোচনীয় দিশটোকে প্ৰতিফলিত কৰিছে। ৰাজ্যখনত আইন-শৃংখলাহীন অৱস্থা আৰু ৰাজনৈতিক হিংসাত্মক ঘটনাৰ বাবে মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে নৈতিক দায়িত্ব স্বীকাৰ কৰিব লাগে বুলিও বিজেপি নেতাগৰাকীয়ে প্ৰকাশ কৰে।