পবিতৰা বন্যপ্ৰাণী উদ্যানত ৰঙাপাখিৰ হাঁহ প্ৰজাতিৰ বিৰল কাকলি হাঁহৰ আগমন ঘটিছে। উদ্যানখনত ভ্ৰমণৰত আৰণ্যক নামৰ বন্যপ্ৰাণী সংগঠনৰ গৱেষক তথা আলোকচিত্ৰকৰ উজ্বল ভূঞাই আজি এই বিৰল চৰাইবিধৰ তিনিটা চৰাইক প্ৰত্যক্ষ কৰে। ইয়াৰে এজনী মাইকী চৰাই আৰু আন দুটা মতা চৰাই বুলি ভূঞাই জানিবলৈ দিছে। উল্লেখযোগ্য যে বছৰৰ এই সময়ছোৱাত উদ্যানখনৰ তামুলীডুবা, হাঁহচৰা আৰু পাগলাডুবা বিলকেইখন শুকাই যায় যদিও উদ্যান কর্তৃপক্ষই যোৱা কেইবছৰমান ধৰি চলাই অহা নিৰলস প্ৰচেষ্টাৰ বাবে এইবাৰ এই বিলকেইখনত পানী আছে আৰু সেয়েহে এই বিৰল প্ৰজাতিৰ হাঁহবিধকে ধৰি পৰিভ্ৰমী চৰাইসমূহৰ উদ্যানখনলৈ আগমন ঘটিছে।
Site Admin | December 2, 2025 10:07 PM | Pabitora
পবিতৰা বন্যপ্ৰাণী উদ্যানত ৰঙাপাখিৰ হাঁহ প্ৰজাতিৰ বিৰল কাকলি হাঁহৰ আগমন