২০২৫-২৬ পর্যটন বৰ্ষৰ বাবে পবিতৰা অভয়াৰণ্য অহা ২৩ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি কৰা হ’ব। বিশ্বৰ ভিতৰত কম আয়তনত সর্বাধিক গঁড় থকা অভয়াৰণ্যখনৰ দ্বাৰ ৰাজ্য চৰকাৰৰ বন মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰিব। উল্লেখযোগ্য যে বানপানীৰ সময়ছোৱাত ক্ষয়-ক্ষতি হোৱা অভয়াৰণ্যখনৰ আন্তঃগাঁথনি ইতিমধ্যে মেৰামতি কৰি তোলা হৈছে। সম্প্রতি ১১০টা গঁড় থকা অভয়াৰণ্যখনত শীতৰ আগমনৰ লগে লগে দেশী-বিদেশী বহু পৰিভ্ৰমী চৰায়ে বাহ লোৱা বুলি কর্তৃপক্ষই জানিবলৈ দিছে।
Site Admin | October 20, 2025 6:08 PM | Pobitora Wildlife
পবিতৰা অভয়াৰণ্য ২৩ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি কৰা হ’ব